বানত ডুবিল বেংকক, থমকি নৰ’ল জীৱন। পানীৰ মাজতেই বেংককৰ ৰাজপথত ভাসমান বজাৰ

বানত বিধ্বস্ত বেংককৰ ৰাজপথ এতিয়া পানীৰ তলত।

কিন্তু বানপানীৰ মাজতো থমকি ৰোৱা নাই মানুহৰ জীৱন-জীৱিকা। জলমগ্ন পথৰ মাজতে স্থানীয় বিক্ৰেতাই পৰিস্থিতিৰ সৈতে খাপ খুৱাই গঢ়ি তুলিছে অস্থায়ী ‘Floating Market’। বাকচত মাছ, শাক-পাচলি আৰু নিত্যপ্ৰয়োজনীয় সামগ্ৰী লৈ পানীৰ মাজতেই চলিছে বেচা-কিনা। গ্ৰাহকেও পানী ফালি উপস্থিত হৈ সংগ্ৰহ কৰিছে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী।

বেংককত বিগত সপ্তাহত মাত্ৰ ২–৩ দিনতে প্ৰায় ৩২০ মিলিমিটাৰ বৰষুণ হয়। ধাৰাসাৰ বৰষুণত প্ৰায় ৩.২৯ লাখ পৰিয়াল তথা ৭ লাখ লোক ক্ষতিগ্ৰস্ত হয় আৰু চহৰখনৰ ৫০ খন জিলাই বানজৰ্জৰিত এলেকা হিচাপে ঘোষিত হয়।

বানৰ প্ৰভাৱ পৰিছে বেংককৰ বিমান পৰিবহণতো। Thai Airways-এ মঙলবাৰে বেংককৰ পৰা প্ৰায় ৩০টা বিমান সেৱা, অৰ্থাৎ নিৰ্ধাৰিত উৰণৰ প্ৰায় ৩০ শতাংশ, কমোৱাৰ কথা ঘোষণা কৰিছে। এই হ্ৰাস কমেও তিনিদিন চলিব পাৰে। বিগত দুদিনত প্ৰায় সকলো বিমানেই পলমকৈ চলিছিল বুলি বিমান সংস্থাটোৱে জনাইছে।

Suvarnabhumi Airportতো বেগেজ হেণ্ডলিঙত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। কৰ্মচাৰী বিমানবন্দৰলৈ সময়মতে উপস্থিত হ’ব নোৱাৰাত প্ৰায় ৫,৬০০টা বেগেজ আবদ্ধ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৬৯জন থাই এয়াৰ ফ’ৰ্চৰ কৰ্মীকো বিমানবন্দৰৰ গ্ৰাউণ্ড অপাৰেচনত সহায় কৰিবলৈ নিয়োগ কৰা হয়।

অৰ্থাৎ, এফালে বানৰ পানীত বজাৰ, আনফালে বিমানবন্দৰত আবদ্ধ বেগেজ আৰু বাতিল বিমান—বেংককে এতিয়া বানৰ সৈতে যুঁজাৰ লগতে নতুন পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিবলৈ বাধ্য হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...

‘ন’ UPI ডে’ (No UPI Day) কি? ২ অক্টোবৰত ম’বাইল বিক্ৰেতাসকলে কেনেদৰে প্ৰতিবাদ সাৱ্যস্ত কৰিব?

১৫ অক্টোবৰৰ পৰা দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ২,০০০ টকাতকৈ...