অসমৰ পৰম্পৰাগত জল ব্যৱস্থাপনা আৰু লোকজ জ্ঞানক বিশ্ব দৰবাৰত উপস্থাপন কৰি অসমৰ চলচ্চিত্ৰ জগতলৈ আন এক গৌৰৱ কঢ়িয়াই আনিছে পৰিচালক ৰাজেন দাসে। ১২ সংখ্যক চিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত তথ্যচিত্ৰ ‘Survival on a Living River’-ৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হয়।
হিমাচল প্ৰদেশৰ ঐতিহাসিক গেইটি থিয়েটাৰত অনুষ্ঠিত এই প্ৰিমিয়াৰত বিশ্বৰ বিভিন্ন দেশৰ চলচ্চিত্ৰ নিৰ্মাতা, গৱেষক, প্ৰতিনিধি আৰু চলচ্চিত্ৰপ্ৰেমীয়ে অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেচন (NFDC) আৰু হিমাচল প্ৰদেশ চৰকাৰৰ উদ্যোগত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰায় ৩৩খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।
আমেৰিকা, ব্ৰিটেইন, পৰ্তুগাল, ছুইজাৰলেণ্ড, ইৰাণ, জাপান আৰু কোৰিয়াকে ধৰি বিভিন্ন দেশৰ চলচ্চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ গৱেষণাৰ সৈতে জড়িত ব্যক্তিসকলেও মহোৎসৱত অংশগ্ৰহণ কৰে।
‘Survival on a Living River’ তথ্যচিত্ৰখন অসমৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পাগলাদিয়া নদী আৰু নদীখনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা পৰম্পৰাগত ‘ডোং বান্ধ’ জল ব্যৱস্থাপনাৰ ওপৰত আধাৰিত। স্থানীয় জনগোষ্ঠীৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰাগত জ্ঞান, সামূহিক জল ব্যৱস্থাপনা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ অনন্য পদ্ধতি তথ্যচিত্ৰখনত তুলি ধৰা হৈছে।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু গৱেষকৰ উপস্থিতিত ঐতিহাসিক গেইটি থিয়েটাৰত তথ্যচিত্ৰখনৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হোৱাটো অসমৰ চলচ্চিত্ৰ আৰু লোক-সংস্কৃতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হৈছে।
পৰিচালক ৰাজেন দাসে কয় যে অসমৰ মাটি, নদী, লোকজ জ্ঞান আৰু পৰম্পৰাগত জীৱন-পদ্ধতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাই তথ্যচিত্ৰখনৰ অন্যতম মূল উদ্দেশ্য। পাগলাদিয়া নদীক কেন্দ্ৰ কৰি স্থানীয় লোকসকলে প্ৰকৃতিৰ সৈতে সমন্বয় সাধন কৰি গঢ়ি তোলা পৰম্পৰাগত জল ব্যৱস্থাপনাৰ জ্ঞান বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে ৰাজেন দাসৰ চলচ্চিত্ৰই ইয়াৰ পূৰ্বেও দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি সন্মান লাভ কৰিছে। ‘Survival on a Living River’-ৰ বিশ্ব প্ৰিমিয়াৰে অসমৰ চলচ্চিত্ৰ নিৰ্মাণৰ লগতে অসমৰ লোকজ জ্ঞান আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মঞ্চত উপস্থাপনৰ ক্ষেত্ৰত এক নতুন সুযোগ সৃষ্টি কৰিছে।
