ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ উত্থাপন কৰাৰ পিছতে পাকিস্তানক তীব্ৰ প্ৰত্যুত্তৰ দিলে ভাৰতে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব পেটেল গাহলটে পাকিস্তানৰ ‘মিছা কথা, প্ৰতাৰণা আৰু দ্বিচাৰিতা’ক কঠোৰ ভাষাৰে সমালোচনা কৰে।

পেটেল গাহলটে কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংশ আৰু সদায় থাকিব। কাশ্মীৰৰ বিষয়ে আলোচনা কৰিবলগীয়া হ’লে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ ওপৰতো দৃষ্টি দিব লাগে বুলি তেওঁ মন্তব্য কৰে।

পাকিস্তানৰ সীমান্তত সন্ত্ৰাসবাদৰ নীতিকো কঠোৰ সমালোচনা কৰি গাহলটে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আত্মৰক্ষাৰ অধিকাৰ ভাৰতে প্ৰয়োগ কৰিব আৰু পাকিস্তানৰ পৰা অব্যাহত থকা সন্ত্ৰাসবাদৰ পৰিণাম থাকিব। পাকিস্তানে দিনত নিৰাপত্তা বজাই ৰখাৰ দাবী কৰে আৰু নিশা হ’লে পাকিস্তানে সন্ত্ৰাসবাদ আৰম্ভ কৰে বুলিও তীক্ষ্ন সমালোচনা।

৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে আক্ৰমণৰ মূল পৰিকল্পনাকাৰী ওছামা বিন লাডেন পাকিস্তানী সেনাৰ প্ৰধান সামৰিক একাডেমীৰ ওচৰতে বাস কৰিছিল।

ইফালে, পাকিস্তানৰ ২৭সংখ্যক সাংবিধানিক সংশোধনীৰ প্ৰসংগ উল্লেখ কৰি গাহলটে দেশখনৰ সেনা নেতৃত্বক আজীৱন আইনী সুৰক্ষা প্ৰদানৰ বিষয়টোও উত্থাপন কৰে।

ধৰ্মীয় সংখ্যালঘুসকলৰ অধিকাৰ সন্দৰ্ভতো পাকিস্তানক সমালোচনা কৰি গাহলটে কয় যে দেশখনত সংখ্যালঘুসকলৰ সৈতে কেনে ব্যৱহাৰ কৰা হয়, সেই বিষয়ে বিশ্ব অৱগত। কেৱল আড়ম্বৰপূৰ্ণ বক্তব্যৰে এই বাস্তৱতা ঢাকি ৰাখিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ; মহিলাৰ কাবাডীত চেম্পিয়ন ভাৰত

আইচি-নাগোয়া এছিয়ান গেমছ ২০২৬ত ভাৰতীয় মহিলা কাবাডী দলৰ স্বৰ্ণ...

এছিয়ান গেমছত উজ্জীৱিত ভাৰত; মাৰাথন, শ্বুটিঙৰ পৰা আহিল ভাল খবৰ

জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ৰ সপ্তম দিনটোত ভাৰতীয় দললৈ...