গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰাৰ তথ্য পোৱা গৈছে।
গোপন তথ্যৰ ভিত্তিত মেৰাপানীৰ ২ নং চৰাইমাৰীৰ পলাশ জ্যোতি বৰুৱাৰ বাসগৃহত অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)-ৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ তথ্য অনুসৰি, কৃষ্ণ বৰুৱাৰ পুত্ৰ পলাশ জ্যোতি বৰুৱা এগৰাকী আত্মসমৰ্পণকাৰী আলফা কেডাৰ আৰু তেওঁ ২০০৯ চনত আত্মসমৰ্পণ কৰিছিল।
অভিযানৰ সময়ত তেওঁৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। লগতে এখন থাৰ বাহনো আৰক্ষীয়ে জব্দ কৰে।
ইফালে, বৰ্তমানেও আৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে। প্ৰাক্তন কেডাৰগৰাকীক আটক কৰাৰ বাবেও আৰক্ষীয়ে অভিযান চলাই আছে। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
