মালিক-কৰ্মচাৰীৰ মাজৰ ১০ হাজাৰ টকাৰ দৰমহাৰ বিবাদে যে ইমান ডাঙৰ ৰূপ ল’ব পাৰে, সেয়া হয়তো কোনেও কল্পনা কৰা নাছিল। গুজৰাটৰ ছুৰাটত সংঘটিত এক অগ্নিকাণ্ডৰ ঘটনাই এতিয়া মালিক-কৰ্মচাৰীৰ সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰৰ বিবাদক লৈ চৰ্চা সৃষ্টি কৰিছে।
ঘটনাটো সংঘটিত হয় ছুৰাটৰ শ্যাম সাংগিনী টেক্সটাইল মাৰ্কেটত। তদন্তকাৰীৰ মতে, প্ৰাক্তন কৰ্মচাৰী ৩৩ বছৰীয়া বিনোদ পণ্ডিত ছাৱলেই পূৰ্বৰ মালিকৰ দোকানৰ বাহিৰত থকা কাপোৰৰ পাৰ্চেলত পেট্ৰ’ল ঢালি জুই লগাই দিয়াৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, ছাৱলে পূৰ্বে মাৰ্কেটখনৰ এখন দোকানত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল। কিন্তু ১০ হাজাৰ টকা দৰমহা বাকী থকাৰ বিষয়ক লৈ মালিকৰ সৈতে বিবাদ হোৱাত তেওঁ চাকৰি এৰিছিল।
ইয়াৰ পিছতেই সংঘটিত হয় ভয়ংকৰ ঘটনা। তদন্তকাৰীৰ মতে, ছাৱলেই প্ৰায় ১৫০ টকাৰ পেট্ৰ’ল ক্ৰয় কৰি নিশা মাৰ্কেটত প্ৰৱেশ কৰে আৰু পূৰ্বৰ মালিকৰ দোকানৰ বাহিৰত থকা কাপোৰৰ পাৰ্চেলত পেট্ৰ’ল ঢালি জুই লগায়।
কিন্তু কথাটো তাতেই শেষ নহ’ল। এখন দোকানৰ বাহিৰত আৰম্ভ হোৱা জুই বিয়পি পৰিল আন দোকানলৈও। প্ৰায় ১৪খন দোকানৰ কাপোৰত জুই লাগে। এই দোকানসমূহ চাৰিজন ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে। মুঠ ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় ২৪ কোটি টকা বুলি তদন্তকাৰীয়ে অনুমান কৰিছে।
অৰ্থাৎ, ১০ হাজাৰ টকাৰ দৰমহাৰ বিবাদৰ পৰা আৰম্ভ হৈ বিষয়টো গৈ ২৪ কোটি টকাৰ কাপোৰ জ্বলি যোৱাত উপনীত হ’ল!
ঘটনাৰ পিছত অৱশ্যে আৰক্ষীৰ পৰা বাচি থকাটো সহজ নহ’ল। অঞ্চলটোত স্থাপন কৰা ১,৫০০ৰো অধিক CCTV কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে ছাৱলেক চিনাক্ত কৰে।
তদন্ত চলি থকাৰ কথা জানিব পাৰি ছাৱলে পত্নী আৰু সন্তানক লৈ ছুৰাট এৰি ৰাজস্থান আৰু অযোধ্যালৈ যায় বুলি তদন্তকাৰীয়ে জানিবলৈ দিয়ে। কেইদিনমান পিছত ছুৰাটলৈ উভতি অহাৰ পিছতে Crime Branch-এ তেওঁক গ্ৰেপ্তাৰ কৰে।
এতিয়া ঘটনাটোৱে এটা প্ৰশ্ন অৱশ্যেই তুলিছে—কৰ্মচাৰীৰ ১০ হাজাৰ টকাৰ বকেয়া দৰমহাৰ বিবাদ যদি আলোচনাৰে সমাধান কৰিব পৰা যায়, তেন্তে সেই বিবাদ ২৪ কোটি টকাৰ ক্ষতিলৈ লৈ যোৱাৰ প্ৰয়োজন ক’ত?
অৱশ্যে, আৰক্ষীৰ তদন্ত আৰু আদালতৰ প্ৰক্ৰিয়াৰ পূৰ্বে অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগক চূড়ান্ত অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি।
