আহি আছে ‘অৰ্ণৱ’! কোন কোন ৰাজ্যত প্ৰভাৱ পেলাৱ ‘অৰ্ণৱ’ ঘূৰ্ণীবতাহে?

আজি নিশা স্থলভাগত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৱে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু বংগত প্ৰচণ্ড বৰষুণৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান বিভাগৰ। বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিমবংগত বৃদ্ধি পাইছে ঘূৰ্ণীবতাহ আশংকা। বৰ্তমান বিশাখাপট্টনমৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত অৱস্থান কৰা ঘূৰ্ণীবতাহ উপকূলৰ দিশে আগবাঢ়িছে। আজি নিশা কলিংগপট্টনমৰ কাষৰীয়া অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা।

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, আজি তথা ২৩ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা ২৪ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ ভিতৰত এই বতাহে উপকূল অতিক্ৰম কৰিব পাৰে। অৱশ্যে ২৩ ছেপ্টেম্বৰৰ মাজনিশাৰ পূৰ্বেই স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা অধিক।

ঘূৰ্ণীবতাহ অৰ্ণৱৰ প্ৰভাৱত ওড়িশাৰ কেইবাখনো জিলাত অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD)। অন্ধ্ৰপ্ৰদেশৰ উত্তৰ উপকূলীয় অঞ্চলসমূহতো প্ৰচণ্ড বৰষুণ আৰু অতিপাত বতাহ হোৱাৰ সম্ভাৱনা আছে। উপকূলীয় অঞ্চলসমূহত ইতিমধ্যে সতৰ্কতা জাৰি কৰা হৈছে।

গভীৰ নিম্নচাপটোৰ প্ৰভাৱত পশ্চিমবংগৰ কেইবাটাও অঞ্চলত শনিবাৰৰ পুৱালৈকে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা। মঙলবাৰৰ নিশাৰ পৰা ৰাজ্যখনৰ উপকূলীয় অঞ্চলসমূহত বৰষুণ অব্যাহত আছে।

কলকাতাতো আজি আকাশ মেঘাচ্ছন্ন হৈ থকাৰ লগতে দুপৰীয়াৰ ভাগত বৰষুণ হৈছিল। ২৪, ২৫ আৰু ২৬ ছেপ্টেম্বৰতো বৰষুণৰ সম্ভাৱনা আছে।

প্ৰচণ্ড বৰষুণৰ পৰিপ্ৰেক্ষিতত দাৰ্জিলিং আৰু কালিম্পং জিলাৰ পাহাৰীয়া অঞ্চলসমূহত সম্ভাব্য ভূমিস্খলনৰ সতৰ্কতা জাৰি কৰিছে IMD-এ। একে সময়তে পশ্চিমবংগৰ নিম্নভূমি অঞ্চলসমূহত পানী জমা হোৱাৰ সম্ভাৱনাৰ বিষয়েও সতৰ্ক কৰা হৈছে।

উল্লেখ্য যে ‘অৰ্ণৱ’ নামটোৰ অৰ্থ ‘সাগৰ’ আৰু নামাকৰণ কৰিছে বাংলাদেশে। ঘূৰ্ণীবতাহৰ গতিপথ, বৰষুণ, বতাহৰ গতি আৰু জিলা ভিত্তিক সতৰ্কতাৰ ওপৰত বতৰ বিভাগে নজৰ ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত মীৰাবাই চানুৰ প্ৰথমটো পদক, ২৮ বছৰৰ মূৰত ভাৰতলৈ আহিল ভাৰোত্তোলনত ৰূপৰ পদক

মীৰাবাই চানুৰ প্ৰথমটো এছিয়ান গেমছৰ পদক এছিয়ান গেমছৰ কেৰিয়াৰত প্ৰথমটো...

মহানগৰীত গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ; দালালৰ জালত পৰি সৰ্বশ্ৰান্ত পৰিয়াল

মহানগৰী গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ। হাইস্কুল শিক্ষান্ত...