ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন (ONGC)য়ে। ওড়িশাৰ উপকূলৰ পৰা প্ৰায় ৪৩ কিলোমিটাৰ দূৰত মহানদী অফশ্ব’ৰ অৱবাহিকাত গভীৰ সাগৰীয় অনুসন্ধানৰ সময়ত প্ৰাকৃতিক গেছৰ সন্ধান লাভ কৰিছে সংস্থাটোৱে।
ONGCৰ ‘সমুদ্ৰ মন্থন’ গভীৰ সাগৰীয় অনুসন্ধান অভিযানৰ অধীনত খনন কৰা MN-DW-1-H-D খাদত ১৮ ছেপ্টেম্বৰত এই গেছৰ সন্ধান লাভ কৰা হয়। ২৫ জুলাইত খনন আৰম্ভ কৰা খাদটোত ১,৬২৩ মিটাৰ গভীৰতালৈকে খনন কৰা হৈছিল। ১,৪৪১ৰ পৰা ১,৪৫২ মিটাৰ গভীৰতাৰ মাজত গেছৰ উপস্থিতি ধৰা পৰে।
উল্লেখযোগ্য যে, বৰ্তমানৰ অনুসন্ধান অভিযানৰ অধীনত মহানদী অৱবাহিকাত ONGCয়ে খনন কৰা এইটোৱেই প্ৰথমটো কূপ।
তিনিদিন ধৰি অব্যাহত গেছৰ প্ৰবাহ
ONGCৰ তথ্য অনুসৰি, কূপটোত একেৰাহে তিনিদিন ধৰি প্ৰাকৃতিক গেছৰ প্ৰবাহ অব্যাহত আছে। সংস্থাটোৱে গেছৰ প্ৰবাহৰ হাৰ আৰু ভাণ্ডাৰৰ চাপ উৎসাহজনক বুলি উল্লেখ কৰিছে।
এই আৱিষ্কাৰে দেশৰ ঘৰুৱা হাইড্ৰ’কাৰ্বন সম্পদৰ ভাণ্ডাৰ সম্প্ৰসাৰণ আৰু আমদানিকৃত শক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ প্ৰচেষ্টাত সহায় কৰিব পাৰে। অৱশ্যে, বৰ্তমানলৈকে গেছৰ সম্ভাৱ্য ভাণ্ডাৰৰ পৰিমাণ আৰু উৎপাদন ক্ষমতাৰ বিষয়ে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।
পৰৱৰ্তী মূল্যায়নৰ পিছত নিৰ্ধাৰণ হ’ব বাণিজ্যিক সম্ভাৱনা
গেছৰ সন্ধান লাভ কৰিলেও ইয়াৰ পৰা বাণিজ্যিকভাৱে উৎপাদন সম্ভৱ হ’ব নে নহয়, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। পৰৱৰ্তী পৰ্যায়ত ভাণ্ডাৰৰ মূল্যায়ন আৰু অধিক অনুসন্ধানৰ জৰিয়তে গেছৰ পৰিমাণ, উৎপাদন ক্ষমতা আৰু বাণিজ্যিক সম্ভাৱনা নিৰ্ধাৰণ কৰা হ’ব।
ONGCয়ে জনোৱা অনুসৰি, অঞ্চলটোত ইতিমধ্যে আৱিষ্কৃত আন সম্পদৰ সৈতে উমৈহতীয়া আন্তঃগাঁথনি ব্যৱহাৰ কৰি ভৱিষ্যতে এই গেছৰ বিকাশৰ সম্ভাৱনাও বিবেচনা কৰা হ’ব।
দেশৰ গভীৰ আৰু অতি গভীৰ সাগৰীয় অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান অব্যাহত ৰাখিছে ONGCয়ে। মহানদী অৱবাহিকাত লাভ কৰা এই সন্ধানে ভাৰতৰ ঘৰুৱা শক্তি সম্পদৰ অনুসন্ধানত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।
