৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ইয়াৰ লগে লগে অন্ত পৰিল ইংলেণ্ডৰ হৈ ১১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ। ২০১৫ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত ইংলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা উডে ৩৮খন টেষ্টত ১১৯টা উইকেট দখল কৰে। এদিনীয়াত ৭০খন মেচত ৮০টা আৰু T20 আন্তঃৰাষ্ট্ৰীয়ত ৩৮খন মেচত ৫৪টা উইকেট লাভ কৰে।

উডৰ কেৰিয়াৰত আছে দুটাকৈ বিশ্বকাপ জয়। ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি প্ৰতিযোগিতাখনত ১৮টা উইকেট দখল কৰিছিল। ২০২২ চনৰ T20 বিশ্বকাপ জয়তো ইংলেণ্ডৰ হৈ চাৰিখন মেচত ৯টা উইকেট দখল কৰিছিল। ইয়াৰ ওপৰি উডে চাৰিখন Ashes ছিৰিজত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰে। ২০১৫ চনৰ Ashesত Trent Bridgeত তেওঁৰ উইকেটেই ইংলেণ্ডৰ ছিৰিজ জয় নিশ্চিত কৰিছিল। ২০২৩ চনৰ Ashesতো Headingleyত তেওঁৰ বিধ্বংসী বলিঙে ইংলেণ্ডক ২-০ৰ পিছপৰা অৱস্থাৰ পৰা উভতি আহিবলৈ সহায় কৰিছিল।

কিন্তু ধাৰাবাহিক আঘাতে বিগত সময়ছোৱাত তেওঁৰ কেৰিয়াৰত বাধাৰ সৃষ্টি কৰে। যোৱা নৱেম্বৰত প্ৰাৰ্থত অনুষ্ঠিত Ashes টেষ্টৰ পিছত পুনৰ আঘাতপ্ৰাপ্ত হৈছিল উড। চিকিৎসকৰ পৰামৰ্শ অনুসৰি টেষ্ট আৰু ৫০ অভাৰৰ ক্ৰিকেটলৈ উভতি অহাটো সম্ভৱ নহয় বুলি জানিব পাৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লয় তেওঁ। অৱসৰৰ ঘোষণা কৰি উডে কয় যে ইংলেণ্ডৰ হৈ খেলাটো তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সন্মান আৰু সপোন আছিল। ইংলেণ্ডৰ মেনছ মেনেজিং ডাইৰেক্টৰ ৰব কি-য়ে উডৰ কেৰিয়াৰক প্ৰশংসা কৰি Ashes আৰু বিশ্বকাপ জয়ত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...

টেলিকম কোম্পানীক লৈ কঠোৰ TRAI; প্ৰয়োজন নথকা ডাটাৰ বাবে গ্ৰাহকে ভৰিব নালাগে অতিৰিক্ত ধন

মোবাইল গ্ৰাহকৰ বাবে বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ...

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...