অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা দল। অহা ২৭ ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট। এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ CJPৰ সকলো সদস্যই অংশগ্ৰহণ কৰিব বুলি দলটোৰ অসম নেতৃত্বই জানিবলৈ দিছে।

দলটোৰ অসম প্ৰদেশৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি, কাইলৈ গুৱাহাটীত উপস্থিত হ’ব ক’কৰোছ জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ এটা দল। আনহাতে, অহা ২৫ ছেপ্টেম্বৰত অসমলৈ আহিব দলটোৰ কেন্দ্ৰীয় সদস্য আশুতোষ ৰাংকা।

অসম ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় নেতৃত্বৰ দলটোৱে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক আৰু সামাজিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰিব। বিশেষকৈ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ সৈতে সাক্ষাৎ কৰাৰ লগতে বিৰোধী দলৰ নেতা, অসমৰ বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আৰু নাগৰিক সমাজৰ নেতৃত্বৰ সৈতেও মত বিনিময় কৰিব বুলি দলটোৱে জানিবলৈ দিছে।

ইয়াৰ উপৰি বিশিষ্ট সাংবাদিক আৰু সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলকো সাক্ষাৎ কৰিব কেন্দ্ৰীয় সদস্য আশুতোষ ৰাংকাই। অসমত দলটোৰ সাংগঠনিক কাম-কাজ আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিভিন্ন পক্ষৰ সৈতে আলোচনাৰ অংশ হিচাপে এই সাক্ষাৎকাৰসমূহ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত ক’কৰোছ জনতা পাৰ্টিৰ অসম প্ৰদেশৰ নেতৃত্বই এই কথা ঘোষণা কৰে। সংবাদমেলত দলটোৰ অসমত সাংগঠনিক সম্প্ৰসাৰণৰ বিভিন্ন দিশৰ বিষয়েও অৱগত কৰে নেতৃত্বই।

ইফালে, কেন্দ্ৰীয় নেতৃত্বৰ অসম ভ্ৰমণৰ সময়তে দলটোৰ পূৰ্ণাংগ অসম টীম গঠন কৰা হ’ব বুলিও সংবাদমেলত স্পষ্ট কৰা হয়। ২৭ ছেপ্টেম্বৰৰ স্বেচ্ছাসেৱক মীটৰ জৰিয়তে ৰাজ্যখনত দলটোৰ সাংগঠনিক কাৰ্যকলাপক অধিক সুসংগঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি অসম প্ৰদেশৰ নেতৃত্বই জানিবলৈ দিয়ে।

উল্লেখ্য যে, কেন্দ্ৰীয় নেতৃত্বৰ এই ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন ৰাজনৈতিক, ছাত্ৰ আৰু সামাজিক সংগঠনৰ সৈতে হোৱা আলোচনাই অসমত CJPৰ আগন্তুক সাংগঠনিক কাৰ্যসূচীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি দলটোৰ অসম নেতৃত্বই আশা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...