ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ৱেবিনাৰ সম্পন্ন

গুৱাহাটী, ২৭ জুন, NKTV: অতীতৰ পৰা বৰ্তমানলৈকে নিচাসেৱনৰ পৰা হৈ থকা নীতি তথা সমাজ বিৰোধী বহু কাৰ্যৰ কথা আমি শুনিছোঁ। চকুৰ সমুখত বহুত প্ৰজন্মই জীৱনৰ বাট পাহৰা আমি দেখিছোঁ। বৰ্তমান সময়ো তাৰ ব্যতিক্ৰম নিশ্চয় নহয়। নতুন চামৰ মাজত ৰঘুমলাৰ দৰে শিপাব ধৰা ড্ৰাগছৰ আসক্তিয়ে পুনৰ নৱপ্ৰজন্মক এন্ধাৰৰ ফালে টানি নিছে। শেহতীয়াকৈ অসমৰ প্ৰেক্ষাপটতো তাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। সেয়েহে, সময়ৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস’ আৰু ‘কনকলতা বৰুৱা ৭ নং তিনিমহলীয়া ছাত্ৰী-নিবাস’ৰ তৰফৰ পৰা শনিবাৰে এখন ৱেবিনাৰ অনুষ্ঠিত হৈ যায়।

উল্লেখ্য যে “যুৱ প্ৰজন্মৰ ড্ৰাগছ বৰ্ধিত আসক্তি; অসমৰ প্ৰেক্ষাপটত এক সমস্যা আৰু ইয়াৰ সমাধান” বিষয়ক এই ৱেব আলোচনা সত্ৰত অন্যতম মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি নগাঁৱৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ই নিজৰ ব্যৱহাৰিক অভিজ্ঞতাৰ প্ৰসংগত বক্তব্য আগবঢ়ায়। সম্প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে ৰাজ্যৰ চৌদিশে এক ড্ৰাগছবিৰোধী অভিযান চলাই নিছে। লক্ষ্য হ’ল এখন ড্ৰাগছমুক্ত অসম গঢ় দিয়া। অসম আৰক্ষীয়েও এই দিশত বিশেষভাৱে সহযোগিতা কৰা পৰিলক্ষিত হৈছে। গৃহৰক্ষী জোৱানৰ পৰা উচ্চপদস্থ বিষয়ালৈকে সকলোৱে একগোট হৈ যুঁজ দিছে ড্ৰাগছৰ বিৰুদ্ধে। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ই তেওঁৰ ভাষণ প্ৰসংগত যুৱ-প্ৰজন্মক ড্ৰাগছ বা অন্যান্য নিচাযুক্ত সামগ্ৰী সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। এনেবোৰ নিচাযুক্ত দ্ৰৱ্য সেৱনে এটি সম্ভাৱনাপূৰ্ণ প্ৰজন্মক ধংস কৰিব বুলিও মত প্ৰকাশ কৰে মিশ্ৰই।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱন চৌহদত অসম আৰক্ষীৰ দ্বাৰা আয়ােজিত এক অনুষ্ঠানত গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে সততা আৰু সাহসিকতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা বৰচিং বে’ক অসম আৰক্ষীৰ কনিষ্টবল পদত আনুষ্ঠানিকভাৱে নিযুক্তিপত্র প্রদান কৰে। উল্লেখ্য যে, যােৱা ২১ জুনত কাৰ্বি আংলং আৰক্ষীয়ে এখন বাছত তালাচী চলাওতে ১২ কোটি টকা মূল্যৰ প্রায় ৩ কেজি পৰিমাণৰ মেথামফেটামাইন উদ্ধাৰ কৰাৰ লগতে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই অভিযানৰ সময়তে গৃহৰক্ষী বাহিনীৰ জোৱান বৰচিং বে’ই সৰবৰাহকাৰীয়ে প্ৰদান কৰা প্রলােভন প্রতাখ্যান কৰি সততা আৰু নিষ্ঠাৰ বিৰল পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সততা আৰু সাহসিকতাক এইখন চৰকাৰে সদায়ে সন্মান জনাই যাব। বৰচিং বে’ৰ দৰে গৃহৰক্ষী জোৱান এগৰাকীয়ে কোনাে প্রলােভনৰ প্ৰতি লালায়িত নহৈ সততা আৰু সাহসিকতাৰ যি পৰিচয় দাঙি ধৰিলে সিয়ে অসম আৰক্ষীৰ সকলাে বিষয়া-কৰ্মচাৰীৰ লগতে সকলােকে অনুপ্রাণিত কৰিব। ৰাজ্য চৰকাৰে সেয়েহে এনে ধৰণৰ অনুষ্ঠান পাতি তেওঁক সম্বর্ধনা জনােৱাৰ লগতে নিযুক্তিপত্র প্রদান কৰিছে যাতে ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনলৈ এই দিশত এক ইতিবাচক বার্তা প্ৰেৰণ কৰিব পৰা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...