২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন কেনেকুৱা হোৱাটো বিচাৰে?

বাজেটৰ বাবে পৰামৰ্শ বিচাৰি ই-মেইল আৰু হােৱাটছএপ নম্বৰ মুকলি বিত্তমন্ত্রী অজন্তা নেওগৰ

গুৱাহাটী, ২৭ জুন, NKTV: আজি ৰাজ্য চৰকাৰৰ বিত্তমন্ত্রী অজন্তা নেওগে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট প্রস্তুতিৰ বাবে পৰামৰ্শ বিচাৰি এটা ই-মেইল আই ডি আৰু এটা হােৱাটছএপ নম্বৰ ৰাইজৰ বাবে মুকলি কৰে। ইমেইল আইডিটো হ’ল assambudgetsuggestions@gmail.com আৰু হােৱাটছএপ নম্বৰটো হ’ল ৭৬৩৬৮-৭৯০১৯। ৰাজ্যৰ প্ৰতিজন নাগৰিক উপকৃত হ’ব পৰাকৈ এইবাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্রীয়ে এখন সর্বাঙ্গ সুন্দৰ বাজেট প্রস্তুতিৰ কাম আৰম্ভ কৰা বুলি জানিবলৈ দিছে। আজি মুকলি কৰা এই ই-মেইলৰ জৰিয়তে ৰাইজৰ পৰা বাজেটৰ বাবে উদ্ভাৱনীমূলক পৰামৰ্শ বিচাৰিছে বিত্তমন্ত্রী অজন্তা নেওগে। ৰাজ্যখনৰ সকলাে স্তৰৰ লােকেই এই ই-মেইল আৰু হােৱাটছএপৰ জৰিয়তে আগন্তুক বাজেটত অন্তর্ভুক্ত কৰিব লগা উন্নয়নমূলক বিষয়ত ৩ জুলাই পর্যন্ত পৰামর্শ প্ৰেৰণ কৰিব পাৰিব। ক’ভিড মহামাৰীৰ বাবে ৰাজ্যখনৰ ব্যৱসায়িক সমাজ, বুদ্ধিজীৱি সমাজকে ধৰি ৰাজ্যৰ আগশাৰীৰ লােকসকলক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি পৰামর্শ গ্রহণ কৰাত কিছু প্রতিবন্ধকতা থকাৰ বাবে এইদৰে পৰামর্শ লােৱাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে বিত্তমন্ত্রী নেওগে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, ২০২১-২২ বৰ্ষৰ বাজেটখনৰ জৰিয়তে ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল হােৱাৰ ক্ষেত্ৰত উদগনি প্ৰদানৰ বাবে বিশেষ গুৰুত্ব প্রদান কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...