২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন কেনেকুৱা হোৱাটো বিচাৰে?

বাজেটৰ বাবে পৰামৰ্শ বিচাৰি ই-মেইল আৰু হােৱাটছএপ নম্বৰ মুকলি বিত্তমন্ত্রী অজন্তা নেওগৰ

গুৱাহাটী, ২৭ জুন, NKTV: আজি ৰাজ্য চৰকাৰৰ বিত্তমন্ত্রী অজন্তা নেওগে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট প্রস্তুতিৰ বাবে পৰামৰ্শ বিচাৰি এটা ই-মেইল আই ডি আৰু এটা হােৱাটছএপ নম্বৰ ৰাইজৰ বাবে মুকলি কৰে। ইমেইল আইডিটো হ’ল assambudgetsuggestions@gmail.com আৰু হােৱাটছএপ নম্বৰটো হ’ল ৭৬৩৬৮-৭৯০১৯। ৰাজ্যৰ প্ৰতিজন নাগৰিক উপকৃত হ’ব পৰাকৈ এইবাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্রীয়ে এখন সর্বাঙ্গ সুন্দৰ বাজেট প্রস্তুতিৰ কাম আৰম্ভ কৰা বুলি জানিবলৈ দিছে। আজি মুকলি কৰা এই ই-মেইলৰ জৰিয়তে ৰাইজৰ পৰা বাজেটৰ বাবে উদ্ভাৱনীমূলক পৰামৰ্শ বিচাৰিছে বিত্তমন্ত্রী অজন্তা নেওগে। ৰাজ্যখনৰ সকলাে স্তৰৰ লােকেই এই ই-মেইল আৰু হােৱাটছএপৰ জৰিয়তে আগন্তুক বাজেটত অন্তর্ভুক্ত কৰিব লগা উন্নয়নমূলক বিষয়ত ৩ জুলাই পর্যন্ত পৰামর্শ প্ৰেৰণ কৰিব পাৰিব। ক’ভিড মহামাৰীৰ বাবে ৰাজ্যখনৰ ব্যৱসায়িক সমাজ, বুদ্ধিজীৱি সমাজকে ধৰি ৰাজ্যৰ আগশাৰীৰ লােকসকলক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি পৰামর্শ গ্রহণ কৰাত কিছু প্রতিবন্ধকতা থকাৰ বাবে এইদৰে পৰামর্শ লােৱাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে বিত্তমন্ত্রী নেওগে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, ২০২১-২২ বৰ্ষৰ বাজেটখনৰ জৰিয়তে ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল হােৱাৰ ক্ষেত্ৰত উদগনি প্ৰদানৰ বাবে বিশেষ গুৰুত্ব প্রদান কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...