ব্ৰীজৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

ব্ৰীজৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰলৈ আহিছে আন এক সুখবৰ!

গুৱাহাটী, ২৭ জুন, NKTV: ২২ৰ পৰা ২৬ জুনলৈ কানাডাত অনুষ্ঠিত চতুৰ্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড (OIFFA-2021)ত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত বহুল চৰ্চিত অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

উল্লেখযোগ্য যে, যোৱা বছৰ এই সন্মান লাভ কৰিছিল প্ৰখ্যাত অভিনেত্ৰী সীমা বিশ্বাসে। লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱাৰাণী কলিতাই অভিনয় কৰা ব্ৰীজৰ চৰিত্ৰটো যথেষ্ট প্ৰত্যাহ্বানমূলক; য’ত তেওঁ পথাৰত হালবোৱা ভৰা নদীত কলৰ ভূৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল। ইয়াৰ উপৰি পৰিচালকে অভিনেত্ৰী গৰাকীক যথেষ্ট স্বাভাৱিক অভিনয় কৰাইছে। এইখন চিনেমাত অভিনয় কৰাৰ পূৰ্বে শিৱাৰাণীয়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল, অভিজ্ঞতা কেৱল – এখন মঞ্চ নাটকত অভিনয়।

ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে লাভ কৰিছে ২৮টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আমন্ত্ৰণ। ৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, ১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আদি উল্লেখযোগ্য।

শিৱাৰাণী কলিতাৰ দ্বাৰা পুৰষ্কাৰ লাভে অসমীয়া চলচ্চিত্ৰ অনুৰাগী সকলক আৰু ব্ৰীজৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...