এটা সময়ত পুৰুষৰ ক্ৰিকেটত খেলিছিল। মুম্বাইৰ অনূৰ্ধ্ব-১৯ ক্ৰিকেটতো নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। কিন্তু নিজৰ লিংগ পৰিচয়ৰ সৈতে যুঁজ কৰি এটা সময়ত ক্ৰিকেটৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। এতিয়া সেই একেজন ক্ৰিকেটাৰেই নতুন পৰিচয়েৰে পুনৰ ২২ গজলৈ উভতি অহাৰ সপোন দেখিছে। তেওঁ হৈছে অনায়া বাংগাৰ, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ভাৰতীয় দলৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰৰ কন্যা।
শেহতীয়াকৈ অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট প্ৰশাসনৰ পৰা মহিলা ক্ৰিকেটত খেলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেউজ সংকেত লাভ কৰিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সিদ্ধান্ত অনুসৰি তেওঁ অষ্ট্ৰেলিয়াৰ Premier Cricket-সহ কমিউনিটি ক্ৰিকেটত খেলিব পাৰিব। আনহাতে, এলিট মহিলা ক্ৰিকেটত তেওঁৰ যোগ্যতা ২০২৭ চনৰ মাৰ্চৰ পৰা, নিৰ্ধাৰিত নীতি আৰু যোগ্যতাৰ চৰ্ত পূৰণ সাপেক্ষে কাৰ্যকৰী হ’ব।
কোন অনায়া বাংগাৰ?
অনায়া বাংগাৰ হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ কন্যা। সঞ্জয় বাংগাৰে ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেট খেলাৰ উপৰি পৰৱৰ্তী সময়ত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল। সৰুৰে পৰাই ক্ৰিকেটৰ পৰিৱেশত ডাঙৰ হোৱা অনায়াই পিতৃৰ পৰাই ক্ৰিকেটৰ বহু শিক্ষা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মুম্বাইৰ বয়সভিত্তিক ক্ৰিকেটত অংশগ্ৰহণ কৰে আৰু অনূৰ্ধ্ব-১৯ পৰ্যায়তো খেলিছিল। ক্ৰিকেটৰ সৈতে তেওঁৰ সম্পৰ্ক কেৱল পৰিয়ালৰ পৰিচয়ৰ বাবেই নহয়; নিজেও তেওঁ প্ৰতিযোগিতামূলক ক্ৰিকেটৰ অভিজ্ঞতা অৰ্জন কৰিছিল।
পুৰুষৰ ক্ৰিকেটৰ পৰা মহিলা ক্ৰিকেটলৈ
অনায়াই নিজৰ লিংগ পৰিচয়ৰ সৈতে সামঞ্জস্য ৰাখি পৰিৱৰ্তনৰ পথ বাছি লয়। ২০২২ চনৰ পৰা তেওঁৰ transition journey আৰম্ভ হোৱা বুলি বিভিন্ন প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ২০২৬ চনৰ মাৰ্চত থাইলেণ্ডত তেওঁ gender-affirming surgery সম্পন্ন কৰে। সেই যাত্ৰাৰ বিভিন্ন অভিজ্ঞতা তেওঁ সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছিল। লিংগ পৰিৱৰ্তনৰ এই যাত্ৰাই তেওঁৰ ব্যক্তিগত জীৱনৰ লগতে ক্ৰিকেট কেৰিয়াৰতো যথেষ্ট প্ৰভাৱ পেলায়। এটা সময়ত ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ পিছত পুনৰ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি অহাটো হৈ পৰে তেওঁৰ অন্যতম বৃহৎ লক্ষ্য।
অষ্ট্ৰেলিয়াই খুলিলে নতুন দুৱাৰ
ভাৰতত ট্ৰান্সজেণ্ডাৰ মহিলা ক্ৰিকেটাৰসকলৰ বাবে ঘৰুৱা ক্ৰিকেটত খেলাৰ ক্ষেত্ৰত বৰ্তমান কোনো স্পষ্ট BCCI নীতি নথকাৰ পৰিপ্ৰেক্ষিতত অনায়াই অষ্ট্ৰেলিয়াৰ ক্ৰিকেট প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। অৱশেষত ক্ৰিকেট অষ্ট্ৰেলিয়াই তেওঁৰ ক্ষেত্ৰত যোগ্যতা নিৰ্ধাৰণ কৰি অষ্ট্ৰেলিয়াৰ কমিউনিটি ক্ৰিকেটত খেলাৰ পথ মুকলি কৰে। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বৰ্তমানৰ গাইডলাইন অনুসৰি, কমিউনিটি ক্ৰিকেটত খেলুৱৈসকলে নিজৰ স্বীকৃত লিংগ পৰিচয় অনুসৰি অংশগ্ৰহণ কৰিব পাৰে। এই গাইডলাইনৰ ভিতৰত Premier Cricket-ও অন্তৰ্ভুক্ত। অৱশ্যে WBBL বা আন এলিট ক্ৰিকেটত খেলাৰ অনুমতি পৃথক নীতিৰ অধীনত। অনায়াৰ ক্ষেত্ৰত ২০২৭ চনৰ মাৰ্চৰ পৰা এলিট ক্ৰিকেটৰ যোগ্যতা লাভৰ বাবে নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিব লাগিব। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অনুসৰি, অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছত তেওঁৰ serum testosterone concentration নিৰ্ধাৰিত সীমাৰ ভিতৰত আছে বুলি প্ৰমাণ কৰা ৰক্ত পৰীক্ষাৰ ফলাফল দাখিল কৰিব লাগিব আৰু অন্যান্য নীতিৰ চৰ্তসমূহো পূৰণ কৰিব লাগিব।
লক্ষ্য WBBL
অষ্ট্ৰেলিয়াৰ এই সিদ্ধান্তই অনায়াৰ সন্মুখত মহিলা ক্ৰিকেটৰ এখন নতুন পথ মুকলি কৰিছে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ ইতিমধ্যে Women’s Big Bash League-ত স্থান লাভ কৰিছে। অনায়াই নিজেও স্পষ্ট কৰিছে যে অষ্ট্ৰেলিয়াই তেওঁক এটা সুযোগৰ দিশ হে দিছে। কোনো দলত নিশ্চিত স্থান নহয়। প্ৰথমে ঘৰুৱা ক্ৰিকেটত নিজৰ সামৰ্থ্য প্ৰমাণ কৰাটোৱেই তেওঁৰ মূল লক্ষ্য হ’ব। তাৰ পিছতহে WBBLৰ দৰে উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত স্থান লাভ কৰাৰ সুযোগ আহিব।
পিতৃ সঞ্জয় বাংগাৰৰ সমৰ্থন
অনায়াৰ এই যাত্ৰাত পিতৃ সঞ্জয় বাংগাৰৰ ভূমিকাও বিশেষভাৱে চৰ্চিত হৈছে। ২০২৬ চনৰ মাৰ্চত gender-affirming surgery সম্পন্ন কৰাৰ কথা ঘোষণা কৰি অনায়াই পিতৃ আৰু পৰিয়ালৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল। এফালে ভাৰতৰ হৈ ক্ৰিকেট খেলা আৰু পৰৱৰ্তী সময়ত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক হোৱা সঞ্জয় বাংগাৰৰ ক্ৰিকেট পৰিচয়, আনফালে নিজৰ পৰিচয় আৰু ক্ৰিকেটৰ সপোনক লৈ অনায়াৰ দীঘলীয়া সংগ্ৰাম, এই দুটা অধ্যায় এতিয়া এক নতুন বিন্দুত আহি মিলিছে। এতিয়া অনায়াৰ লক্ষ্য স্পষ্ট, পৰিচয়ৰ সৈতে আপোচ নকৰাকৈ পুনৰ ক্ৰিকেটৰ পথত আগবঢ়া আৰু নিজৰ খেলৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটত স্থান সৃষ্টি কৰা।
