ম্যনমাৰত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। শুকুৰবাৰে ম্যানমাৰৰ কেন্দ্ৰীয় চাগাইং অঞ্চলৰ এখন বৌদ্ধ মঠত ম্যানমাৰ সেনাই চলোৱা এয়াৰষ্ট্ৰাইকত কমেও ১৪জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২০জন আহত হয়।

A.P-ৰ প্ৰতিবেদন অনুসৰি, স্থানীয় সময় পুৱা প্ৰায় ৯ বজাত ম্যাউং টাউনশ্বিপৰ ছুৱেল লে অ’ গাঁৱত এই আক্ৰমণ সংঘটিত হয়। মাণ্ডালয়ৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত এই স্থানত এখন বৌদ্ধ মঠত সপ্তাহজোৰা ধ্যান শিবিৰ চলি আছিল।
প্ৰতিবেদন অনুসৰি, আক্ৰমণৰ সময়ত মঠটোত ১০০ৰো অধিক লোক ধ্যানত ব্যস্ত আছিল। আক্ৰমণত বহু লোক হতাহত হয় বুলি স্থানীয় বাসিন্দাই জানিবলৈ দিছে।
ম্যনমাৰত চলি থকা গৃহযুদ্ধৰ মাজতে সামৰিক বাহিনীয়ে গণতন্ত্ৰপন্থী শক্তি আৰু জাতিগত সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে বিমান আক্ৰমণ অব্যাহত ৰাখিছে। এনে আক্ৰমণত সাধাৰণ নাগৰিকো হতাহত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
এই শেহতীয়া আক্ৰমণে দেশখনত চলি থকা সংঘাতৰ মাজত সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে। ধ্যানত ব্যস্ত আছিল ১০০ৰো অধিক লোক ।
