ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ পৰা অত্যাধুনিক কেএন-৩০ (KN-30) বেলেষ্টিক মিছাইল লাভ কৰা বুলি ইউক্ৰেইনৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰিছে। ‘ইউক্ৰেনস্কা প্ৰাভদা’ নামৰ সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত সংস্থাটোৱে জনায় যে ৰাছিয়াই এই শক্তিশালী মিছাইলসমূহ ইউক্ৰেইনৰ বিভিন্ন লক্ষ্যবস্তুত আক্ৰমণ চলাবলৈ ব্যৱহাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০২৬ চনৰ জুলাই মাহলৈকে ৰাছিয়াৰ হাতত প্ৰায় ৫০ টা কিঞ্জাল এয়াৰ’বেলেষ্টিক মিছাইলৰ লগতে উত্তৰ কোৰিয়াৰ কেএন-২৩, কেএন-২৪ আৰু কেএন-৩০ মিছাইলৰ ভঁৰাল আছিল। ইয়াৰ পূৰ্বে ৰাছিয়াই কেএন-২৩ আৰু কেএন-২৪ মিছাইল ব্যৱহাৰ কৰিছিল যদিও কেএন-৩০ মিছাইল হস্তান্তৰ আৰু ব্যৱহাৰৰ তথ্য প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে।
উত্তৰ কোৰিয়াৰ ‘হৱাছং-১১চি’ (Hwasong-11C) মিছাইলক পশ্চিমীয়া দেশসমূহে ‘কেএন-৩০’ বুলি অভিহিত কৰে। এইটো ‘হৱাছং-১১’ পৰিয়ালৰ এক বৃহৎ আৰু উন্নত সংস্কৰণ, যি হ্ৰস্ব দূৰত্বৰ বেলেষ্টিক মিছাইল শ্ৰেণীৰ অন্তৰ্গত। কঠিন ইন্ধনৰ (Solid-fuel) দ্বাৰা চালিত এই মিছাইলসমূহ ম’বাইল গ্ৰাউণ্ড-বেচড লঞ্চাৰৰ পৰা উৎক্ষেপণ কৰিব পাৰি। ২০২১ চনৰ মাৰ্চ মাহত প্ৰথমবাৰলৈ পৰীক্ষণ কৰা এই মিছাইলটোৱে ৬০০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্রম কৰাৰ উপৰি প্ৰায় ২.৫ টন ওজনৰ বিস্ফোৰক বহন কৰিব পাৰে। কঠিন ইন্ধন ব্যৱহাৰ হোৱাৰ বাবে ইয়াক অতি কম সময়ৰ ভিতৰতে উৎক্ষেপণৰ বাবে সাজু কৰিব পাৰি আৰু ম’বাইল লঞ্চাৰৰ বাবে শত্ৰু পক্ষই ইয়াক ধৰা পেলোৱা বা ধ্বংস কৰাটো অত্যন্ত কঠিন হৈ পৰে।
ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থাৰ মতে, ৰাছিয়াই নিজৰ মিছাইলৰ নাটনি পূৰাবলৈ উত্তৰ কোৰিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। আনকি এই মিছাইলসমূহ উৎক্ষেপণৰ সুবিধাৰ্থে ৰাছিয়াৰ ভৰোনেঝ (Voronezh) অঞ্চলত উত্তৰ কোৰিয়াৰ প্ৰায় ৯০ জন সামৰিক কৰ্মী আৰু কেইবাটাও লঞ্চাৰ মোতায়েন কৰা হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ৰাছিয়াৰ ভৰোনেঝৰ পৰা উৎক্ষেপণ কৰিলে ইউক্ৰেইনৰ বহু গুৰুত্বপূৰ্ণ চহৰ আৰু সামৰিক ঘাটি এই মিছাইলৰ পৰিসৰৰ ভিতৰলৈ আহিব, যিয়ে ইউক্ৰেইনৰ আকাশমাৰ্গৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিব। দুয়োখন দেশৰ এই সামৰিক সহযোগিতাই যুদ্ধখনক আৰু অধিক ভয়াবহ আৰু দীঘলীয়া কৰি তোলাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।
