গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ কমনৱেল্থ গেমছৰ পতাকা (Commonwealth Games Flag) হস্তান্তৰ কৰা হৈছে। এই পতাকাগ্ৰহণৰ লগে লগে ২০৩০ চনত আহমেদাবাদত (Ahmedabad) অনুষ্ঠিত হ’বলগীয়া ক্ৰীড়া মহোৎসৱখনিৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটে।
- পতাকা হস্তান্তৰ অনুষ্ঠান:গান্ধীনগৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে (Harsh Sanghavi) সম্পূৰ্ণ মৰ্যাদা আৰু সন্মানেৰে এই কমনৱেল্থ গেমছৰ পতাকাখন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ হাতত তুলি দিয়ে।
- পতাকাৰ গুৰুত্ব:চৰকাৰী বিবৃতি অনুসৰি, ২০৩০ চনৰ কমনৱেল্থ গেমছ সম্পাপ্ত নোহোৱালৈকে এই পতাকাখন গুজৰাটতে থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ফিট ইণ্ডিয়া’ (Fit India) পৰিকল্পনাক আগুৱাই নিয়াৰ লগতে এই পতাকাই ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰিব আৰু প্ৰস্তুতিৰ আৰম্ভণিক প্ৰতিনিধিত্ব কৰিব।
- সামৰণি অনুষ্ঠান:ইয়াৰ পূৰ্বে স্কটলেণ্ডৰ গ্লাছগোত সামৰণি পৰা কমনৱেল্থ গেমছৰ সামৰণি অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী, দুবাৰৰ অলিম্পিক পদকপ্ৰাপ্ত নিৰজ চোপ্ৰা (Neeraj Chopra) আৰু ভাৰতীয় অলিম্পিক সংঘৰ (IOA) সভানেত্ৰী পি. টি. উষাই (PT Usha) ২০৩০ গেমছৰ বাবে আধিকাৰিকভাৱে এই পতাকা গ্ৰহণ কৰিছিল।
- ঐতিহাসিক গুৰুত্ব:২০৩০ চনৰ এই প্ৰতিযোগিতাখন বিশেষভাৱে গুৰুত্বপূৰ্ণ, কাৰণ ১৯৩০ চনত প্ৰথমবাৰলৈ আৰম্ভ হোৱা কমনৱেল্থ গেমছৰ ২০৩০ চনত ১০০ বছৰ (শতবাৰ্ষিকী) পূৰ্ণ হ’ব। ২০১০ চনত নতুন দিল্লীৰ পিছত ভাৰতে দ্বিতীয়বাৰৰ বাবে এই গেমছ আয়োজন কৰিবলৈ ওলাইছে।
- কমনৱেল্থ গেমছ ২০২৬ত ভাৰতৰ প্ৰদৰ্শন:গ্লাছগোত সমাপ্ত হোৱা ২০২৬ চনৰ কমনৱেল্থ গেমছত ভাৰতে মুঠ ৩৯ টা পদক অৰ্জন কৰে। বিশেষকৈ বক্সিঙে ইতিহাস ৰচনা কৰি ১০ টা পদক (৭ টা সোণ আৰু ৩ টা ৰূপ) লাভ কৰে, যিটো কমনৱেল্থ গেমছৰ একক সংস্কৰণত ভাৰতীয় বক্সাৰসকলৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। জুডো খেলুৱৈসকলেও দুটা সোণসহ মুঠ ৪ টা পদক অৰ্জন কৰি অভিলেখ গঢ়ে।
