ফিফা বিশ্বকাপ ২০২৬: একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত আৰ্জেণ্টিনা; অনুৰাগীলৈ আৱেগিক বাৰ্তা লিয়নেল মেছিৰ

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। চলিত ফিফা বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন উত্তেজনাপূৰ্ণ ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে খিতাপ যুঁজৰ যোগ্যতা অৰ্জন কৰে তিনিবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে। এই ঐতিহাসিক বিজয়ৰ পাছতে আৰ্জেণ্টিনাৰ মহাতাৰকা তথা অধিনায়ক লিয়নেল মেছিয়ে সমগ্ৰ বিশ্বৰ আৰ্জেণ্টিনাৰ অনুৰাগীসকললৈ এক হৃদয়স্পৰ্শী আৱেগিক বাৰ্তা প্ৰেৰণ কৰিছে।

অনুৰাগীৰ উদ্দেশ্যে মেছিৰ আৱেগিক বাৰ্তা

মেছিয়ে খেলখনৰ শেষত অনুৰাগীসকলৰ অপৰিসীম সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয়:

“মই অনুৰাগীসকলক তাকেই ক’ব বিচাৰোঁ যিটো মই কাটাৰত কৈছিলোঁ— এই যাত্ৰা উপভোগ কৰক। এই দলটোৱে আপোনালোকক কেতিয়াও আশাহত হ’বলৈ নিদিয়ে। এইবাৰৰ বিশ্বকাপ সঁচাকৈয়ে আশ্চৰ্যজনক আছিল আৰু পুনৰ এখন বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাটো অবিশ্বাস্য। খেলপথাৰত ৰাষ্ট্ৰীয় সংগীত বাজি উঠাৰ মুহূৰ্তৰ পৰাই আমি এক বিশেষ শিহৰণ অনুভৱ কৰিছিলোঁ। এয়া কেৱল সাধাৰণ জয় নাছিল; আৰ্জেণ্টিনাৰ জনসাধাৰণে অতি ব্যাকুলতাৰে এই জয় বিচাৰিছিল।”

মেছিৰ যাদু আৰু ছেমিফাইনেলৰ ৰোমাঞ্চকৰ যুঁজ

১৬ জুলাইত আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত প্ৰচণ্ড প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যায়। খেলৰ প্ৰথমাৰ্ধ গলহীনভাৱে শেষ হোৱাৰ পাছত, দ্বিতীয়াৰ্ধৰ ৫৫ মিনিটত এন্থনী গৰ্ডনে গল কৰি ইংলেণ্ডক ১-০ ত আগুৱাই লৈ যায়।

পিছে, গলটো দিয়াৰ পাছতে ইংলেণ্ডে ডিফেন্সিভ বা ৰক্ষণাত্মক খেলৰ কৌশল গ্ৰহণ কৰে, যিটো তেওঁলোকৰ বাবে কাল হৈ পৰে। লিয়নেল মেছিয়ে পুনৰ এবাৰ নিজৰ যাদু প্ৰদৰ্শন কৰি খেলৰ গতি সলনি কৰি দিয়ে। মেছিৰ পাছৰ সহায়ত খেলৰ ৮৫ মিনিটত এঞ্জ’ ফাৰ্নাণ্ডেজে গল কৰি আৰ্জেণ্টিনাক ১-১ সমতাত আনি দিয়ে। ইয়াৰ পাছত অতিৰিক্ত সময়ত (৯২ মিনিটত) মেছিৰ আন এক সুন্দৰ পাছৰ সহায়ত লাউটাৰ’ মাৰ্টিনেজে বিজয়সূচক গলটো কৰি আৰ্জেণ্টিনাক ২-১ ব্যৱধানত জয়ী কৰায়।

ফাইনেলত স্পেইনৰ মুখামুখি হ’ব আৰ্জেণ্টিনা

২০ জুলাইত নিউয়ৰ্ক নিউ জাৰ্ছি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া লিপিড ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা মুখামুখি হ’ব ২০১০ চনৰ বিশ্ব চেম্পিয়ন স্পেইনৰ।

উল্লেখ্য যে, স্পেইনে অলপতে পৰ্টুগাল আৰু ফ্ৰান্সৰ দৰে শক্তিশালী দলক হৰুৱাই সুন্দৰ ফৰ্মত আছে। গতিকে ২০ জুলাইৰ এই খিতাপী যুঁজখন ফুটবল প্ৰেমীসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক...

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...