ধুবুৰীত যৌতুকৰ বাবে বোৱাৰীক জীৱন্তে জ্ব*লা*ই হত্যাৰ চেষ্টা: গুৱাহাটীলৈ প্ৰেৰণ, অৱস্থা সংকটজনক

ধুবুৰী জিলাৰ গোলকগঞ্জত যৌতুকৰ দাবীত এগৰাকী বোৱাৰীক জীৱন্তে জ্বলাই হত্যা কৰাৰ চেষ্টা চলোৱা এক জঘন্য আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বৰ্তমান ভুক্তভোগী বোৱাৰীগৰাকীয়ে ধুবুৰী মেডিকেল কলেজ হাস্পতালত জীৱন-মৰণৰ সৈতে যুঁজি থকাৰ পিছত সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, গোলকগঞ্জৰ বিছনদৈ গাঁৱত যোৱা নিশা প্ৰায় ১১ বজাত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হয়। উল্লেখ্য যে, গোলকগঞ্জৰে বৰুনডাংগা নিবাসী আব্দুল আলীৰ কন্যা আম্বিয়া খাতুনৰ বিবাহ হৈছিল বিছনদৈৰ নুৰ মহম্মদ নামৰ এজন যুৱকৰ সৈতে। অভিযোগ উঠিছে যে, বিবাহৰ পিছৰে পৰাই আম্বিয়াৰ ওপৰত স্বামী আৰু শহুৰেকৰ পৰিয়ালে যৌতুকৰ দাবীত শাৰীৰিক তথা অমানসিক নিৰ্যাতন চলাই আহিছিল।

যোৱা নিশা এই নিৰ্যাতনে চৰম পৰ্যায় পায় আৰু স্বামীগৃহৰ লোকে আম্বিয়া খাতুনৰ গাত কেৰাচিন তেল ঢালি জুই লগাই দিয়ে। এই জঘন্য ঘটনাৰ খবৰ পাই বোৱাৰীগৰাকীৰ পিতৃগৃহৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু শৰীৰৰ অধিকাংশ অংশ অগ্নিদগ্ধ হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ অৰ্থে তেওঁক জৰুৰীভাৱে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ পিতৃয়ে ন্যায় বিচাৰি গোলকগঞ্জ থানাত এক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত স্বামীৰ পৰিয়ালৰ কোনো লোকক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে নে নাই, সেই বিষয়ে জানিব পৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস: ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম কমোৱাৰ ইংগিত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

অনাগত কেইটামান সপ্তাহ ধৰি যদিহে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ...

পবিতৰা অভয়াৰণ্যত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা: ৰাজ্যত ৪খনকৈ নতুন বন আঁচনি ঘোষণা

চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি উদযাপন...

ভাৰতলৈ ১০ বিলিয়ন ডলাৰৰ জাপানী বিনিয়োগ আনিব ১২০খন ব্যৱসায়িক চুক্তিয়ে: হায়দৰাবাদ হাউছৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত জাপানৰ...