গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ কৰ্তৃপক্ষৰ তৎপৰতা আৰু সমন্বয়পূৰ্ণ বুজাবুজিয়ে এক চৰম মানসিক দুশ্চিন্তাৰ পৰিস্থিতি গভীৰ সকাহ আৰু কৃতজ্ঞতালৈ ৰূপান্তৰ কৰে। ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমানবন্দৰ ব্যৱস্থাপনা প্ৰতিষ্ঠান আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ দ্বাৰা পৰিচালিত গুৱাহাটী বিমানবন্দৰত অলপতে এজন যাত্ৰীয়ে ভুলবশতঃ এৰি থৈ যোৱা এটা বেগ উদ্ধাৰ কৰা হয়। ১০.১৪ লাখতকৈও অধিক মূল্যৰ বিদেশী মুদ্ৰা থকা বেগটো বিমানবন্দৰ কৰ্তৃপক্ষই সুৰক্ষিতভাৱে ঘূৰাই দিয়াত যাত্ৰীজনে গভীৰ সকাহ পাই আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
২৬ জুনৰ দিনা বিমানবন্দৰৰ টাৰ্মিনেল ১ ত নিয়মীয়া সুৰক্ষা পৰীক্ষাৰ সময়ত চি আই এছ এফৰ দলে অটোমেটেড ট্ৰে ৰিট্ৰাইভেল চিষ্টেমত এটা গৰাকীবিহীন বেগ উদ্ধাৰ কৰে। প্ৰচলিত নিৰাপত্তা বিধি অনুসৰি বেগটো সুৰক্ষিতভাৱে বিমানবন্দৰৰ ‘হেৰোৱা আৰু প্ৰাপ্তি’ শাখাত অৰ্পণ কৰা হয়। বেগটোৰ ভিতৰত ১০,৭২০ ডলাৰ, ১৭৫ চাইনিজ ইউয়ান, ঔষধ আৰু কিছু ব্যক্তিগত সামগ্ৰী আছিল। যাত্ৰীগৰাকীক চিনাক্ত কৰাৰ প্ৰথমটো সূত্ৰ পোৱা গৈছিল বেগ আৰু ঔষধৰ ষ্ট্ৰিপত থকা নামটোৰ পৰা।
চি চি টি ভি ফুটেজ পৰীক্ষা কৰি হেৰোৱা আৰু প্ৰাপ্তি শাখাৰ দলটোৱে নিশ্চিত কৰে যে যাত্ৰীগৰাকী ইতিমধ্যে হায়দৰাবাদগামী বিমানত উঠিছে। চি আই এছ এফ আৰু হায়দৰাবাদ বিমানবন্দৰ কৰ্তৃপক্ষৰ সমন্বয়ত যাত্ৰীগৰাকীক বিচাৰি উলিয়াই বেগটোৰ মালিকীস্বত্ব পৰীক্ষা কৰি এজন কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিক হস্তান্তৰ কৰা হয়।
আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ বিমানবন্দৰ নেটৱৰ্কত থকা সতৰ্কতা, পেচাদাৰিত্ব আৰু যাত্ৰীক অগ্ৰাধিকাৰৰ কাৰ্যপ্ৰণালীকে এই ঘটনাই প্ৰমাণিত কৰে। ইয়াৰ লগতে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে যাত্ৰীসকলক সুৰক্ষিত, নিৰাপদ আৰু বিশ্বাসযোগ্য ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত নতুন টাৰ্মিনেল ২ মুকলি কৰাৰ পিছত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে আধুনিক আন্তঃগাঁথনি আৰু উৎকৃষ্ট সেৱাৰে উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ হিচাপে নিজৰ স্থিতি অধিক দৃঢ় কৰি তুলিছে।
