গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা অস্থায়ীভাৱে বন্ধ ৰখা হ’ব। উৰণসেতু আৰু ইয়াৰ সংযোগী পথসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব।
২৭ জুনৰ নিশা ১১ বজাৰ পৰা ২৯ জুনৰ পুৱা ৬ বজালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব। এই সময়ছোৱাত ভৰলুমুখ অভিমুখে যান-বাহন চলাচল ডাইভাৰ্ট কৰা হ’ব।
যান-বাহন আৰক্ষীয়ে AT Road, MG Road আৰু পানবজাৰৰ দৰে বিকল্প পথসমূহ ব্যৱহাৰ কৰিবলৈ নাগৰিকসকলক অনুৰোধ জনাইছে। যানজঁটৰ সম্ভাৱনা থকাৰ বাবে যাত্ৰাৰ পূৰ্বে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
