৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল আয়োজনে অসম ক্ৰিকেট সন্থাৰ গ্ৰাউণ্ড ষ্টাফৰ নিৰৱ অথচ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তুলিছে । তাৰেই পৰিপ্ৰেক্ষিতত সন্থাই আজি সংশ্লিষ্টসকললৈ ২৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ।

প্ৰত্যাহ্বানমূলক বতৰৰ পৰিস্থিতিত কাম কৰি কিউৰেটৰ আৰু গ্ৰাউণ্ডমেনে পিটচসমূহ উচ্চতম মানদণ্ডত প্ৰস্তুত আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰিছিল । মেচসমূহৰ সুকলম সমাপনৰ পথত তেওঁলোকৰ প্ৰচেষ্টা আছিল অন্যতম কেন্দ্ৰবিন্দু আৰু তেনেদৰেই ৰাষ্ট্ৰীয় মঞ্চত এই স্থানৰ ক্ৰমবৰ্ধমান সুনাম বজাই ৰখাত ই সহায় কৰিছিল । তেওঁলোকৰ অৱদানৰ এক স্বীকৃতি স্বৰূপে সন্থাই কিউৰেটৰ আৰু গ্ৰাউণ্ড মেনৰ বাবে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।

সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাসে সমগ্ৰ দলটোৰ পেছাদাৰিত্ব আৰু দায়বদ্ধতাক প্ৰশংসা কৰি মেচসমূহৰ নিৰৱচ্ছিন্ন আয়োজনত তেওঁলোকৰ নিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰে । তেওঁলোকে লগতে উল্লেখ কৰে যে গ্ৰাউণ্ড ষ্টাফসকলৰ কাম কেতিয়াবা বহুতৰ চকুত নপৰে যদিও তেওঁলোকৰ ভূমিকা হয় মেৰুদণ্ডৰ দৰে।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...