শ্বেখ হাছিনাক ভাৰতৰ পৰা লৈ যোৱাৰ প্ৰস্তুতি বাংলাদেশ চৰকাৰৰ

বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্ৰাইবুনেলে (ICT) প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায় দিছে। হাছিনা বৰ্তমান ভাৰতত আছে। অন্তৰ্বৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঘূৰাই অনাৰ বাবে তিনি পৃথক মঞ্চত কাম আৰম্ভ কৰিছে।

১. ভাৰতৰ পৰা হাছিনাৰ প্ৰত্যৰ্পণৰ দাবী 

বাংলাদেশৰ আইনী উপদেষ্টা প্ৰফেছৰ আচিফ নজৰুলে কয় যে, তেওঁ হাছিনাৰ প্ৰত্যৰ্পণৰ বাবে পুনৰ ভাৰতলৈ চিঠি লিখিব। তেওঁৰ বক্তব্যৰ কিছু সময়ৰ পিছতেই বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ে ভাৰতলৈ চিঠি লিখে। চিঠিৰ জৰিয়তে শ্বেখ হাছিনাক প্ৰত্যৰ্পণ কৰাৰ দাবী জনোৱা হৈছে। 

নজৰুলে কয় যে, যদি ভাৰতে এই গণহত্যাকাৰীক আশ্ৰয় দি থাকে, তেন্তে ভাৰতে বুজিব লাগিব যে- এইটো বাংলাদেশ আৰু বাংলাদেশৰ জনতাৰ বিৰুদ্ধে এটা শত্ৰুতাপূৰ্ণ, অতি নিন্দনীয় ব্যৱহাৰ। প্ৰফেছৰ নজৰুল এগৰাকী সুপৰিচিত আইনবিদ, লেখক আৰু ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক, যাক ২০২৪ চনৰ আগষ্টত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনত আইন, ন্যায় আৰু সংসদীয় বিষয়ৰ মন্ত্ৰ্যালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল।

২. ইণ্টাৰপ’লৰ জৰিয়তে গ্ৰেপ্তাৰী পৰোৱানা 

ইণ্টাৰপ’ল এটা আন্তৰ্জাতিক আৰক্ষী সংগঠন, যাৰ উদ্দেশ্য ১৯৪খন সদস্য দেশৰ মাজত অপৰাধীৰ তথ্য আৰু গ্ৰেপ্তাৰীৰ বাবে সহযোগিতা কৰা। বাংলাদেশে যদি শ্বেখ হাছিনাক ইণ্টাৰপ’লৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিব বিচাৰে, তেন্তে তেওঁলোকে ৰেড কৰ্নাৰ নোটিচ জাৰি কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিব। ৰেড কৰ্নাৰ নোটিচ কোনো ব্যক্তিৰ আন্তৰ্জাতিক স্তৰত গ্ৰেপ্তাৰীৰ সূচনা, যিটো সদস্য দেশসমূহৰ আৰক্ষীৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। 

কিন্তু ভাৰতত কাকো গ্ৰেপ্তাৰ কৰিবলৈ ভাৰতীয় আইন আৰু সংবিধানৰ প্ৰক্ৰিয়া পালন কৰাটো বাধ্যতামূলক। ভাৰত চৰকাৰে সিদ্ধান্ত ল’ব যে শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰি বাংলাদেশক প্ৰত্যৰ্পণ কৰা হ’ব নে নহয়। এই প্ৰক্ৰিয়াত ন্যায়িক অনুমতিও প্ৰয়োজন। উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ আদেশ অবিহনে ভাৰতে ইণ্টাৰপ’লৰ অনুৰোধত কাকো পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰে।

৩. বাংলাদেশৰ NSAৰ দিল্লী ভ্ৰমণ 

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে পৰৱৰ্তী সপ্তাহত বাংলাদেশৰ NSA খলিলুৰ ৰহমানক দিল্লীত সাক্ষাৎ কৰিব। দুয়োখন চুবুৰীয়া দেশৰ মাজত বৰ্তমানৰ উত্তেজনাৰ মাজত এই সাক্ষাতক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। ৰহমানে কলম্বো সুৰক্ষা কনক্লেভত বাংলাদেশী প্ৰতিনিধি দলৰ নেতৃত্ব দিব। এই কনক্লেভ ১৯-২০ নৱেম্বৰত অনুষ্ঠিত হ’ব। 

ৰহমানৰ এই ভ্ৰমণ ভাৰত আৰু বাংলাদেশৰ মাজত ক্ষেত্ৰীয় সহযোগিতা মজবুত কৰা আৰু সুৰক্ষা সংলাপ বজাই ৰখাৰ দিশত গুৰুত্বপূৰ্ণ। এই ভ্ৰমণত ৰহমানে NSA ডোভালৰ সন্মুখত হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টোও উত্থাপন কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...