ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ’লে বহুত টকা বুলি কোৱা হয়? এক কোটি টকা? দহ কোটি টকা? এক লাখ কোটি টকা? এইটো প্ৰশ্ন আমি ইলন মাস্কক সোধা উচিত কাৰণ টেছলাই তেওঁৰ অভিলেখ ভংগকাৰী দৰমহাৰ চুক্তি প্ৰায় ৮৪ লাখ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। অৰ্থাৎ পিছফালে ১২টা শূন্য থকা এটা ডাঙৰ সংখ্যা। কল্পনা কৰকচোন ইলন মাস্কৰ কিমান টকা আছে, মাস্কে কিনো বুলি ক’লে গোটেই দেশবোৰকে স্নিকাৰৰ দৰে কিনিব পাৰে।

জানেনে ৮৪ লাখ কোটি টকাত কি কি ক্ৰয় কৰিব পাৰিব আপুনি? হাজাৰ হাজাৰ বিঘা মাটি, শতাধিক সোণৰ খনি। এই বছৰ ভাৰতত বিক্ৰী হোৱা প্ৰতিখন গাড়ী, হাজাৰ-হাজাৰটা কোম্পানী, ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISROৰ বাবে ৫০ বছৰৰ খৰছ, সমগ্ৰ ৰাজ্য বা তাতোকৈয়ো অধিক… বাস্তৱিকভাৱে ক’বলৈ গ’লে দশক দশক ধৰি লাখ লাখ উদ্যোগ গঢ় দিব পাৰিব এইখিনি টকাই। ভাৱকচোন, কিমান মেধাৱী বা প্ৰতিভাশালী হ’লে কোনোবা এজন ব্যক্তি ৮৪ লাখ কোটি টকাৰ সমান মূল্যৱান হ’ব পাৰে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...