এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ ৰেষ্টুৰা। তাত বহিছে বিশ্বৰ তিনিজন বিলিয়নাৰ। তেওঁলোকে বিয়েৰ পান কৰিছে, ফ্ৰাইড চিকেনৰ সোৱাদ লৈছে, আৰু শেষত ৰেষ্টুৰাখনলৈ চিকেনৰ জুতি ল’বলৈ অহা সকলোৰে বিল পৰিশোধ কৰি বাহিৰলৈ ওলাই গৈছে।

সেই তিনিজন বিলিয়নাৰ কোন আছিল জানেনে? তেওঁলোক আছিল NVIDIAৰ CEO জেনছন হুৱাং, ছেমছাং ইলেকট্ৰনিক্সৰ চেয়াৰমেন লী জে-য়ং আৰু হুন্দাই মটৰ গ্ৰুপৰ এক্সিকিউটিভ চেয়াৰমেন চুং ইউ-ছুন। তিনিওজন কৰ্পৰেটক্ষেত্ৰৰ উজ্জ্বল তাৰকা, যাৰ মুঠ সম্পত্তি প্ৰায় ১৯৫ বিলিয়ন ডলাৰ। কান্ধত কান্ধ মিলাই বহি, গ্লাছত টুকৰ মাৰি, পান কৰিছে বিয়েৰ।

চিমেক – কোৰিয়ান ভজা চিকেনৰ সৈতে ঠাণ্ডা বিয়েৰ। এয়া কেৱল খাদ্য নহয়, এক পৰম্পৰা। দক্ষিণ কোৰিয়া ভ্ৰমণকৰাসকলৰ বাবে ইয়াৰ সোৱাদ অপৰিহাৰ্য। আৰু এই চিমেকৰ অনুৰাগী হৈ পৰিছে জেনচন হুৱাং—যি NVIDIAৰ CEO।

ইণ্টাৰনেটে দেখিলে… বজাৰেও অনুভৱ কৰিলে। জেনছনৰ হাতৰ পৰশ পৰাৰ লগে লগে চিমেক ফ্ৰাইড চিকেনৰ শ্বেয়াৰ ২০-৩০ শতাংশলৈ উৰ্ধগামী হ’ল। জেনচন হুৱাঙৰ হাতত যেন গ্ৰীকৰ পৌৰাণিক কাহিনীৰ ৰজা মিডাছৰ স্পৰ্শ। মিডাছে স্পৰ্শ কৰা সকলো বস্তুৱেই সোণলৈ পৰিণত হৈছিল।

প্ৰথমে NVIDIAৰ শ্বেয়াৰক আকাশলংঘী কৰি তুলিলে, এতিয়া চিমেক চিকেনৰ মূল্য উৰ্ধগামী হ’ল। কিন্তু এই মিলন কেৱল খাদ্যতে সীমাৱদ্ধ নাথাকিল। তেওঁলোকে ক’লে—সকলোৰে খাদ্যৰ বিল তেওঁলোকে দিব। ৰেষ্টুৰাখনত ভিৰ বাঢ়িল। সকলোকে চিকেন বিলাই দিলে জেনচনে। অটোগ্ৰাফো দিলে বহু অনুৰাগীক।

এপেক ছামিটত অংশ লৈছিল জেনচন হুৱাঙে—এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতাৰ বাবে এই সন্মিলন আয়োজন কৰা হয়। তাত তেওঁ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-ম্যংক লগ পালে। তেওঁ ঘোষণা কৰিলে—NVIDIAই দক্ষিণ কোৰিয়াৰ কোম্পানীসমূহক ২ লাখ ৬০ হাজাৰৰো অধিক জিপিইউ যোগান ধৰিব। জিপিইউ—গ্ৰাফিক্স প্ৰচেছিং ইউনিট—যি AIৰ মূল ভেটি। ছেমছাং, হুন্দাইকে ধৰি এন কোম্পানীসমূহক এইবোৰ দিয়া হ’ব। NVIDIAই তেওঁলোকৰ সৈতে অংশীদাৰিত্বও কৰিব।

হুৱাংয়ে কৈছিল- “আমি অতি কৃতজ্ঞ আৰু সন্মানিত যে, NVIDIA ইতিহাসৰ প্ৰথম কোম্পানী যি ৫ ট্ৰিলিয়ন ডলাৰত উপনীত হৈছে। কৃত্ৰিম বুদ্ধিমত্তা আমাৰ যুগৰ সৰ্বাধিক প্ৰভাৱশালী প্ৰযুক্তি। সম্ভৱতঃ বিশ্বৰ সৰ্ববৃহৎ প্ৰযুক্তি শিল্প। আমাৰ লক্ষ্য—AIক অতিৰিক্ত শক্তি প্ৰদান কৰা। যেনে- AI-চালিত কাৰখানা, ৰবট, স্বয়ংচালিত গাড়ী।

বিগত কেইদশকত বিশ্বই বহু ৰকষ্টাৰ CEO দেখিছে। ষ্টিভ জবছৰ আইফোন, মাৰ্ক জাকাৰবাৰ্গৰ ছ’চিয়েল মিডিয়া, জেফ বেজ’ছে ই-কমাৰ্চত বিপ্লৱ আনিছে। ইলন মাস্কে গাড়ী চলোৱাৰ ধৰণেই বদলাই দিলে। কিন্তু জেনচন হুৱাং ভিন্ন। তেওঁ এনে চিপ বিক্ৰী কৰে যিবোৰ আপুনি কেতিয়াও দেখা নাপায়, স্পৰ্শ নকৰে, উচ্চাৰণো নকৰিব পাৰে। তথাপিও তেওঁ ৰাস্তাত খোজ কাঢ়ি গ’লে ভিৰে ঘেৰি ধৰে। সেই ভাইৰেল ছবিখন মনত পৰেনে—য’ত তেওঁ এগৰাকী মহিলাৰ শৰীৰত স্বাক্ষৰ দিছিল? তেওঁৰ টেক সন্মিলন পপ ষ্টাৰৰ মিউজিকেল কনচাৰ্টৰ দৰে।

টাইৱানত জন্ম… ৯ বছৰ বয়সতে গৈছিল আমেৰিকালৈ। ফাষ্ট ফুডত ধুইছিল বাচন। ১৯৯৩চনত NVIDIAৰ সহ-প্ৰতিষ্ঠাতা। কোম্পানীটো কেইবাবাৰো পৰিছিল মৃত্যুমুখত। কিন্তু জেনচন গ্ৰাফিক্স প্ৰচেছিং ইউনিটৰ সপোনত অটল। AIৰ উত্থানে সেই প্ৰত্যাহ্বান জয় কৰিলে।

যিয়ে ২০০৪ চনত NVIDIAত বিনিয়োগ কৰিছিল ১,০০০ ডলাৰ, তেওঁ আজিৰ তাৰিখত ইয়াৰ মূল্য লাভ কৰিব ১২ লাখ ডলাৰৰো অধিক। জেনচনৰ নিজৰ সম্পত্তি ১০০ বিলিয়নৰো অধিক। এতিয়া জেনছন আন যিকোনো CEOতকৈও খ্যাতিমান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...