যিখন যুদ্ধজাহাজৰ বাবে দুভাগত বিভক্ত হৈছিল পাকিস্তান; সেই জাহাজখন বাংলাদেশলৈ কিয় প্ৰেৰণ কৰিলে আমেৰিকাই?

বাংলাদেশৰ চট্টগ্রাম বন্দৰত বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউএছএছ ফিটজেৰাল্ড উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে। মিছাইল ধ্বংসকাৰী এই ফিটজেৰাল্ডক শেষবাৰৰ বাবে ১৯৭১ চনত পাকিস্তান আৰু ভাৰতৰ যুদ্ধৰ সময়ত বঙ্গোপসাগৰত দেখা গৈছিল। সেইসময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক পাকিস্তানৰ বাবে প্ৰেৰণ কৰিছিল।

দা নৰ্থ ইষ্ট পোষ্টৰ মতে, ইউএছএছ ফিটজেৰাল্ডক চট্টগ্রামত বাংলাদেশী সৈন্যসকলৰ অনুশীলনৰ বাবে পঠোৱা হৈছে। এই অনুশীলন ৩ দিনলৈ চলিব। ছান ডিয়েগোৰ পৰা চট্টগ্রামলৈ প্ৰেৰণ কৰা হৈছে এই জাহাজখন।

বঙ্গোপসাগৰত সতৰ্কতা জাৰী

ইউএছএছ ফিটজেৰাল্ডৰ সামৰিক অনুশীলনৰ সংযোগত বঙ্গোপসাগৰত সতৰ্কতা জাৰি কৰা হৈছে। নাৱিকসকলক এই ফিটজেৰাল্ডৰ পৰা দূৰত থাকিবলৈ কোৱা হৈছে। ১৫৪ মিটাৰ দীঘল আৰু ২০.২ মিটাৰ বহল বগা ৰঙৰ এই ফিটজেৰাল্ডৰ ওজন ৯,২৪৬ টন। ইয়াত মুঠ ৩২৭ জন বিষয়া আৰু ইয়াত নাৱিককে ধৰি মুঠ ৩২৭ জন বিষয়া আৰু ক্ৰু সদস্য থাকিব।।

বাংলাদেশৰ কক্স বজাৰ (Cox’s Bazar) অঞ্চলত ৰাখাইনক লৈ উত্তেজনা সৃষ্টি হোৱাৰ সময়তে ফিটজেৰাল্ডক প্ৰেৰণ কৰা হৈছে। শেহতীয়াকৈ বাংলাদেশী সৈন্যই আমেৰিকাৰ সৈন্যৰ সৈতে অনুশীলন চলাইছিল।

১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া আমেৰিকাই পাকিস্তানৰ ৰক্ষাৰ বাবে ৭ম বহৰ নিয়োগ কৰিছিল। ভাৰতৰ সমৰ্থনত ৰাছিয়াইও পাৰমাণৱিক ছাবমেৰিন নিয়োগ কৰিছিল। এই নিয়োগে আমেৰিকাক আঘাত হানিলে। শেষত পাকিস্তান পৰাজিত হয় আৰু বাংলাদেশ বিভাজিত হয়।

এনে পৰিস্থিতিত এতিয়া আমেৰিকাই নিজৰ ৪০ বছৰীয়া ফিটজেৰাল্ডক চট্টগ্ৰামত নিয়োগ কৰি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছে।

বাংলাদেশত শ্বেখ হাছিনাৰ অভ্যুত্থানৰ পিছত আমেৰিকাৰ সক্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। শেহতীয়াকৈ আমেৰিকাৰ বিষয়াৰ এটা দলে ক্ৰকছ বজাৰ ভ্ৰমণ কৰি নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। আমেৰিকাইও বাংলাদেশত নিজৰ সৈন্য নিয়োগ কৰাৰ কথা চিন্তা কৰিছে, আৰু এই সন্দৰ্ভত আলোচনা অব্যাহত আছে।

শ্বেখ হাছিনাই বাৰে বাৰে অভিযোগ কৰি আহিছে যে, তেওঁৰ অভ্যুত্থানত আমেৰিকা প্ৰত্যক্ষভাৱে জড়িত আছিল। আমেৰিকাৰ পুঁজিৰ বাবেই হাছিনাৰ চৰকাৰখন পতন ঘটিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...