চলিত বৰ্ষত ২৪ গৰাকী অসম সন্তানৰ পাৰ্থিৱ শৰীৰ অসম চৰকাৰে শ্রদ্ধাসহকাৰে ৰাজ্যলৈ উভতাই আনিছে: মুখ্যমন্ত্রী
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ নশ্বৰদেহ মৰ্যাদা সহকাৰে স্বগৃহলৈ অনাৰ বিশেষ আৰু সংবেদনশীল পদক্ষেপ হিচাপে ‘শ্রদ্ধাঞ্জলি’ আঁচনিখনৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে, ৰাজ্যৰ বাহিৰত লঘু বেতনত কৰ্মৰত বা অধ্যয়নৰত অসম সন্তানৰ মৃত্যু ঘটিলে নশ্বৰদেহ আইনগত, সু-সংগঠিত আৰু সন্মানজনকভাৱে আনি পৰিয়ালক হস্তান্তৰৰ বাবে এই আঁচনিখনৰ জৰিয়তে অসম চৰকাৰে সম্পূর্ণ সহায় আগবঢ়াব।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বহিঃৰাজ্যত কর্মসূত্রে যোৱা অসম সন্তানৰ কিবা কাৰণত মৃত্যু ঘটিলে তেওঁলোকৰ পাৰ্থিৱ শৰীৰ শ্ৰদ্ধাসহকাৰে অসমলৈ বা নিজ পৰিয়াললৈ উভতাই অনাৰ বাবে এক বিশেষ আঁচনি গ্রহণ কৰিব বুলি ৰাজ্য চৰকাৰে অসমৰ ৰাইজক প্রতিশ্রুতি প্ৰদান কৰিছিল। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱা ১ অক্টোবৰৰ পৰিৱৰ্তে আজি ৬ অক্টোবৰ তাৰিখে সেই প্রতিশ্রুতি অনসুৰি ৰাইজৰ সেৱাৰ বাবে অসম চৰকাৰে এই আঁচনিখন আজি মুকলি কৰিলে বুলি তেওঁ কয়। অৱশ্যে এই আঁচনিখন আৰম্ভ হোৱাৰ পূৰ্বেও ৰাজ্য চৰকাৰে অনানুষ্ঠানিকভাবে এই বিশেষ সেৱা আগবঢ়াই আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে চলিত বৰ্ষত ২৪ গৰাকী অসম সন্তানৰ পাৰ্থিৱ শৰীৰ অসম চৰকাৰে শ্ৰদ্ধাসহকাৰে ৰাজ্যলৈ উভতাই আনিছে। তেওঁ কয় যে আজিৰ পৰা এই সেৱাই আনুষ্ঠানিক ৰূপ লাভকৰিলে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বাহিৰলৈ অধ্যয়ন কৰিবলৈ যোৱা বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রী অথবা কর্মসূত্রে অসমৰ বাহিৰত লঘু বেতনত কাম কৰি থকা অসম সন্তানসকলৰ বাবে এই আঁচনিখন প্রযোজ্য হ’ব। এই আঁচনি অনুসৰি বহিঃৰাজ্যত কোনোবা ব্যক্তিৰ যদি মৃত্যু হয় তেওঁলোকে নির্দিষ্ট নম্বৰত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। উল্লেখ্য যে মৃত্যুৰ ঘটনা সম্পৰ্কীয় তথ্য দিবলৈ বিচৰা লোকে আৰক্ষী নিয়ন্ত্রণ কক্ষৰ হেল্পলাইন নম্বৰ ১১২, বিশেষ শাখাৰ নিয়ন্ত্রণ কক্ষৰ নম্বৰ ০৩৬১-২৩৮১৫১১ ত ফোন কৰিব পাৰিব। লগতে সেৱা সেতু প’ৰ্টেল ব্যৱহাৰ কৰাৰ উপৰি ৯১৮১০-১৪৮৮৮ নম্বৰত হোৱাটচএপ যোগে জনাব পাৰিব। তেওঁ কয় যে মৃত্যুৰ ঘটনা সম্পৰ্কীয় তথ্য দিবলৈ বিচৰা লোকে ৰাজ্য চৰকাৰৰ মুখ্য সচিব বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো অৱগত কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে মৃত্যু সাধাৰণতে দুই ধৰণে হয় এক স্বাভাৱিক মৃত্যু আৰু আনটো অস্বাভাৱিক মৃত্যু। এই আঁচনিখনৰ এটা বিশেষ লক্ষ্য হৈছে যদি কোনো অসম সন্তানৰ ৰাজ্যৰ বাহিৰত মৃত্যু হয় আৰু বিভিন্ন মেডিক’ লিগেল কাৰণত হত্যা কিম্বা দুর্ঘটনা সংঘটিত হ’লে ভুক্তভোগী পৰিয়ালসমূহক যিসমূহ আইনগত সহায় প্রদান কৰিব লাগে সেয়া অসম আৰক্ষীৰ বিশেষ শাখাই প্রদান কৰিব বুলি তেওঁ কয়। প্রয়োজন সাপেক্ষে চৰকাৰৰ দায়িত্বশীল আৰক্ষী বিষয়াই সেই ৰাজ্যলৈ গৈ হ’লেও পার্থির শৰীৰ যাতে সসম্মানে উভতাই আনিব পাৰে তাৰ বাবে নিশ্চিতভাৱে প্রবাসী অসমীয়াসকলক সহায় আগবঢ়াব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহু কেইখন উল্লেখযোগ্য আঁচনিৰ ভিতৰত এইখন এখন অন্যতম গুৰুত্বপূৰ্ণ আঁচনি বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ কয় যে ছিকিউৰিটি গার্ড হিচাপে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতীসকলৰ মৃত্যু ঘটিলে একোটা নশ্বৰদেহ উভতাই আনিবৰ বাবে প্রায় ৪০-৫০ হাজাৰ টকা খৰচ হয়। তাৰ ফলত বহু ক্ষেত্রত পিতৃ-মাতৃয়ে সন্তানক শেষবাৰৰ বাবে চোৱাৰ পৰাও বঞ্চিত হয়। কাৰণ নিজে গলেও প্রায় ৪০-৫০ হাজাৰ টকা প্রয়োজন হয় আৰু নশ্বৰদেহ ওভতাই অনাৰ বাবেও প্রায় ৪০-৫০ হাজাৰ টকা স্বাভাৱিকভাবে খৰচ কৰিবলগীয়া হয়। এই শ্রদ্ধাঞ্জলি আঁচনিখনে সেইসকল ভুক্তভোগী পিতৃ-মাতৃক কৰবাত অলপ হ’লেও সকাহ আৰু সান্তনা প্রদান কৰিব পাৰিব বুলি তেওঁ কয়। আর্থিকভাবে স্বচ্ছল পৰিয়াল, যি নিজৰ ব্যৱস্থাত মৃতদেহ আনিবলৈ সক্ষম আৰু লগতে যিসকল চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰত গৈ মৃত্যুবৰণ কৰে, সেইসকলক এই আঁচনিৰ অন্তৰ্ভূক্ত কৰা নহ’ব। ছাত্র-ছাত্রী অথবা লঘু বেতনত কাম কৰিবৰ বাবে যিসকল অসমৰ বাহিৰত আছে তেওঁলোকৰ ক্ষেত্ৰতহে এই আঁচনিখন প্রযোজ্য হ’ব বুলি তেওঁ অৱগত কৰে। এই আঁচনিখন ৰূপায়ণৰ দায়িত্ব গ্রহণ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিপদৰ সময়ত যাতে ৰাইজে সহায় লাভ কৰে তাৰ বাবে আজি সদৰী কৰা টেলিফোন নম্বৰসমূহ বহুল প্ৰচাৰৰ বাবে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমক আহ্বান জনায়।
আজিৰ এই উদ্বোধনী অনুষ্ঠানত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, পৰিবহণ আদি বিভাগৰ মন্ত্রী যোগেন মহন, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰয়, পশু পালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, আৰক্ষী সঞ্চালক প্রধান হৰমিত সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।
