দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ কোলাহলেৰে মুখৰিত হৈ থাকে বিদ্যালয়। কিন্তু সন্ধিয়া নামিলেই সেই বিদ্যালয়খন মাদক দ্ৰব্য তৈয়াৰৰ কাৰখানালৈ ৰূপান্তৰিত হৈ পৰে। হায়দৰাবাদত এনে এখন বিদ্যালয়ৰ সন্ধান পাইছে আৰক্ষীয়ে। আটাইতকৈ আচৰিত কথা এই যে, বিদ্যালয়ৰ কৰ্তৃপক্ষই নিজেই এই অবৈধ ব্যৱসায় চলাই আছিল, আৰু বিদ্যালয়খন মাদক দ্ৰব্যৰ ব্যৱসায়ৰ কেন্দ্ৰ হৈ পৰিছিল।
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ বিদ্যালয় ত্যাগৰ পিছত বিদ্যালয়ৰ ৰূপ সম্পূৰ্ণ সলনি হৈ পৰিছিল। শ্ৰেণীকোঠাবোৰ বন্ধ কৰি মাদক দ্ৰব্য তৈয়াৰৰ কাম আৰম্ভ হৈছিল। তেলেংগানা আৰক্ষীৰ এলিট একচন গ্ৰুপ ফৰ ড্ৰাগছ ল’ এনফৰ্চমেণ্ট (EAGLE)ৰ তদন্তত পোহৰলৈ আহিছে যে, বিদ্যালয়ৰ কৰ্তৃপক্ষৰ নেতৃত্বত এই কাৰ্যকলাপ চলিছিল। আৰক্ষীয়ে তেওঁৰ লগতে আৰু দুজনক গ্ৰেপ্তাৰ কৰিছে। অভিযানৰ সময়ত বিদ্যালয়ৰ পৰা ২১ লাখ টকা নগদ ধন, বিপুল পৰিমাণৰ মাদক দ্ৰব্য, ৰাসায়নিক পদাৰ্থ আৰু মাদক দ্ৰব্য তৈয়াৰৰ সৰঞ্জাম উদ্ধাৰ কৰা হৈছে।
তেলেংগানা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা জানিব পাৰিছিল যে, হায়দৰাবাদৰ বোৱেনপাল্লীৰ মেধা বিদ্যালয়ত মাদক দ্ৰব্যৰ ব্যৱসায় চলি আছে। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে নজৰদাৰী চলাইছিল আৰু অৱশেষত বিদ্যালয়খনৰ সন্ধান পায়। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছতো প্ৰথমতে বুজিব পৰা নাছিল যে তাত মাদক দ্ৰব্য তৈয়াৰ কৰা হৈছে। এনেদৰে গোপনে ব্যৱস্থা কৰা হৈছিল যে কোনো সন্দেহৰ সৃষ্টি নহয়। দিনৰ ভাগত বিদ্যালয়ত শিক্ষাদানৰ কাম চলিছিল, ছাত্ৰ-ছাত্ৰীসকলে পঢ়িছিল, কিন্তু সন্ধিয়া হ’লেই একেখিনি শ্ৰেণীকোঠা মাদক দ্ৰব্য তৈয়াৰৰ কেন্দ্ৰলৈ পৰিণত হৈছিল।
আৰক্ষীৰ অভিযানত বিদ্যালয়খনৰ পৰা ৩.৫ কিলোগ্ৰাম সম্পূৰ্ণ প্ৰক্ৰিয়াকৃত আলপ্ৰাজোলাম, ৪.৩ কিলোগ্ৰাম আংশিক প্ৰক্ৰিয়াকৃত টেবলেট, ২১ লাখ টকা নগদ ধন, বিপুল পৰিমাণৰ ৰাসায়নিক পদাৰ্থ আৰু মাদক দ্ৰব্য তৈয়াৰৰ সৰঞ্জাম জব্দ কৰা হৈছে। আৰক্ষীৰ মতে, জয়প্ৰকাশ গৌড়ে গুৰুৱাৰেড্ডী নামৰ এজন সহযোগীৰ পৰা মাদক দ্ৰব্য তৈয়াৰৰ প্ৰক্ৰিয়া শিকিছিল আৰু মহবুবনগৰৰ টডী ডিপোসমূহত এই মাদক দ্ৰব্য বিক্ৰী কৰিছিল। এই কাৰ্যকলাপ প্ৰায় ছয় মাহ ধৰি চলিছিল, য’ত সপ্তাহৰ ছয় দিন মাদক দ্ৰব্য তৈয়াৰ কৰা হৈছিল আৰু ৰবিবাৰে ইয়াৰ যোগানৰ ব্যৱস্থা কৰা হৈছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ জেৰাৰ জৰিয়তে এই মাদক দ্ৰব্য ক’ত ক’ত যোগান ধৰা হৈছিল, তাৰ তথ্য সংগ্ৰহৰ চেষ্টা কৰি আছে। তদন্তত পোহৰ পৰিছে যে, এই অবৈধ কাৰ্যকলাপ বিদ্যালয়ৰ দ্বিতীয় মহলাত সংঘটিত হৈছিল, যেতিয়া তলৰ মহলাত নিয়মীয়া শ্ৰেণীৰ কাৰ্যকলাপ চলিছিল। এই ঘটনাই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
হায়দৰাবাদৰ মেধা বিদ্যালয়ত মাদক দ্ৰব্য তৈয়াৰৰ এই ঘটনাই সমাজত উদ্বেগৰ সৃষ্টি কৰিছে। শিক্ষাৰ মন্দিৰত এনে অবৈধ কাৰ্যকলাপে শিক্ষাৰ পবিত্ৰতাক কলংকিত কৰিছে।
