পৃথ্বী শ্বক ১০০টকা জৰিমনা; শাৰীৰিক নিৰ্যাতনৰ গোচৰত আদালতৰ নিৰ্দেশ কৰিছিল অমান্য

ভাৰতীয় ক্ৰিকেটাৰ পৃথ্বী শ্বৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ গোচৰ চলি আছে। অভিযোগকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মুম্বাইৰ এখন আদালতে পৃথ্বীক নিৰ্দেশ দিছিল। কিন্তু বাৰম্বাৰ কোৱাৰ পিছতো সেই নিৰ্দেশ নমনাৰ বাবে পৃথ্বীক ১০০ টকা জৰিমনা বিহা হৈছে। উত্তৰ দিবলৈ তেওঁক আৰু এবাৰ সুযোগ দিয়া হৈছে।

২ বছৰ পূৰ্বে মুম্বাইত পৃথ্বী এটা ঘটনাত জড়িত হৈছিল। তাৰ পিছত ইনফ্লুয়েঞ্চাৰ স্বপ্না গিলে পৃথ্বীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ আনে। বিগত বছৰৰ এপ্ৰিলত ছেছনছ ক’ৰ্টত ফৌজদাৰী তদন্তৰ বাবে আৱেদন কৰে। কিন্তু মেজিষ্ট্ৰেটছ ক’ৰ্টে পৃথ্বীৰ বিৰুদ্ধে আৰক্ষীক এফআইআৰ দাখিলৰ নিৰ্দেশ দিবলৈ মান্তি হোৱা নাছিল। তাৰ পৰিৱৰ্তে আৰক্ষীক প্ৰাথমিক তদন্তৰ নিৰ্দেশ দিয়া হৈছিল।

স্বপ্নাৰ আৱেদনৰ উত্তৰ দিবলৈ ছেছনছ ক’ৰ্টে পৃথ্বীক বাৰম্বাৰ অনুৰোধ কৰিছিল। শেষ শুনানিত আদালতে জনাইছিল যে, পৃথ্বীক চূড়ান্ত সুযোগ দিয়া হৈছে। মঙলবাৰে আদালতত জনোৱা হৈছিল যে, পৃথ্বীয়ে এতিয়াও উত্তৰ দিয়া নাই। তাৰ পিছত আদালতে তেওঁক ১০০ টকা জৰিমনা কৰি জনায় যে, উত্তৰ দিবলৈ শেষ সুযোগ দিয়া হৈছে।

স্বপ্নাৰ অধিবক্তা আলী কাশিফ খানে জনায় যে, পৃথ্বীয়ে উত্তৰ নিদি ইচ্ছাকৃতভাৱে বিচাৰ প্ৰক্ৰিয়া পলম কৰাৰ চেষ্টা কৰিছে। তেওঁ আদালতত কয়, “চমন পঠোৱাৰ পিছতো উত্তৰ নিদিয়াটো তেওঁৰ অভ্যাস হৈ পৰিছে।” আদালতে এই কথা শুনিলেও কোনো মন্তব্য কৰা নাছিল।

২০২৩ৰ ফেব্ৰুৱাৰীত মুম্বাইত স্বপ্না আৰু তেওঁৰ এজন বন্ধুৰ সৈতে পৃথ্বী আৰু তেওঁৰ বন্ধুৰ মাজত সংঘাত হৈছিল। ছেলফী তোলাক লৈ এই ঘটনাৰ সূত্ৰপাত হৈছিল। আৰক্ষীয়ে প্ৰথমে স্বপ্নাক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু তিনিদিন পিছত জামিন লাভ কৰে। তাৰ পিছত তেওঁ পৃথ্বীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...