বন্দুক পেলাই কলম তুলি ল’লে ১০৬ মাওবাদীয়ে…

কিতাপৰ পৰিৱৰ্তে তেওঁলোকৰ হাতত তুলি দিয়া হৈছিল বন্দুক। গঢ়চিৰৌলিৰ ঘন জংঘলত কটাইছিল তেওঁলোকৰ দুৰন্ত শৈশৱ। এতিয়া কাৰোবাৰ বয়স ৫৫, কাৰোবাৰ ৪৮। হঠাৎ জীৱনৰ গতিপথ সলনি কৰি তেওঁলোক এতিয়া প্ৰতিদিন স্কুললৈ গৈছে। সন্মুখত আছে পঞ্চম শ্ৰেণীৰ প্ৰৱেশিকা পৰীক্ষা। তাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে। এইসকল হৈছে আত্মসমৰ্পণকাৰী মাওবাদী। মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত এই ১০৬জনে নতুনকৈ জীৱন আৰম্ভ কৰিছে।

বনিতা জুৰে, ওৰফে ঘিটচো। গঢ়চিৰৌলিৰ ঘন জংঘলত কটাইছে যৌৱনৰ দুটা দশক। মাওবাদী কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত আছিল। ১৯৯৩ চনৰ ২২ মাৰ্চত সংগঠনত যোগদান কৰিছিল। এতিয়া বনিতাৰ বয়স ৫৫। বিগত ৩ ফেব্ৰুৱাৰীত তেওঁ আত্মসমৰ্পণ কৰিছে। বনিতাৰ দৰে আৰু ১০৫ জন আত্মসমৰ্পণকাৰী মাওবাদীৰ স্কুলৰ সৈতে কোনো সম্পৰ্ক নাছিল। কাৰোবাৰ প্ৰথম শ্ৰেণী, কাৰোবাৰ দ্বিতীয় শ্ৰেণীৰ পিছতে স্কুলৰ পাঠ শেষ হৈছিল। শৈশৱত তেওঁলোকৰ হাতত তুলি দিয়া হৈছিল আগ্নেয়াস্ত্ৰ। তেতিয়া তেওঁলোকৰ বয়স আছিল মাত্ৰ ১০ বা ১১। এওঁলোকক পঢ়োৱা হৈছিল আন্দোলনৰ পাঠ। কিন্তু বহী-কলমৰ ক্ষেত্ৰত তেওঁলোক সকলো নিৰক্ষৰ।

আত্মসমৰ্পণকাৰী মাওবাদীসকলে নতুনকৈ জীৱন আৰম্ভ কৰিব পৰাকৈ মহাৰাষ্ট্ৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ‘প্ৰজেক্ট সঞ্জীৱনী’ৰ জৰিয়তে আত্মসমৰ্পণকাৰী মাওবাদীসকলক নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ সহায় কৰা হৈছে। যিসকলে কেতিয়াও স্কুলৰ দুৱাৰমুখ নেদেখিছিল, তেওঁলোকক ব্লেকব’ৰ্ড, চক্-ডাষ্টাৰ, বহী-পেঞ্চিলৰ সৈতে পৰিচয় কৰাই দিছে চৰকাৰে। বিগত ৮ ছেপ্টেম্বৰৰ পৰা মহাৰাষ্ট্ৰত সাক্ষৰতা অভিযান আৰম্ভ হৈছে, যি ২১ ছেপ্টেম্বৰলৈ চলিব। তাৰ পিছত আত্মসমৰ্পণকাৰী মাওবাদীসকলে পঞ্চম শ্ৰেণীৰ প্ৰৱেশিকা পৰীক্ষাত বহিব। শিক্ষকসকলৰ লক্ষ্য হৈছে, আগন্তুক মাৰ্চ-এপ্ৰিলৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা।

কিন্তু মধ্যবয়সী নাংচু, ওৰফে গিৰিধৰ তুমৰেটি পঞ্চম শ্ৰেণীতেই থমকি থাকিব নিবিচাৰে। তেওঁৰ কথাত, “পঞ্চম শ্ৰেণীৰ পৰীক্ষাত পাছ কৰিব নোৱাৰিছিলো। পঢ়া-শুনা শেষ হৈছিল। কিন্তু এইবাৰ আৰু এৰি নিদিওঁ। পঢ়া-শুনা কৰি চাকৰি কৰাৰ সপোন দেখিছো।” গিৰিধৰৰ সৈতে তেওঁৰ ৫২ জন কমৰেডে কেইমাহমান আগতে আত্মসমৰ্পণ কৰিছিল। তেওঁলোকৰ মাজত আছে গিৰিধৰৰ পত্নী সঙ্গীতা, ওৰফে জানকী। ৩৯ বছৰীয়া সঙ্গীতাই ২০০২ চনত মাওবাদীৰ সৈতে যোগ দিছিল। কিন্তু ২০২৪ চনৰ জুন মাহত অস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ কৰে। ক্লাছৰুমৰ বেঞ্চত বহি সঙ্গীতাই কয়, “স্কুল এৰি দলত যোগ দিছিলো… এতিয়া আকৌ ক্লাছৰুমলৈ উভতি আহিলো।” সঙ্গীতাৰ ইচ্ছা, হাতৰ কাম শিকি স্বাৱলম্বী হ’ব। তেওঁ চিলাইৰ কামত অতি পাৰ্গত। প্ৰশাসনেও বিচাৰিছে, প্ৰাথমিক শিক্ষাৰ পৰ্ব শেষ হ’লে তেওঁক এই কামৰ প্ৰশিক্ষণ দিয়া হ’ব। তাৰ আগতে ১০৬ জনক শিক্ষামুখী কৰাটোৱেই প্ৰশাসনৰ বাবে সৰ্ববৃহৎ সাফল্য বুলি বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...