আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ’ব নোৱাৰে; জনালে উচ্চতম ন্যায়ালয়ে

আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ’ব নোৱাৰে। বিহাৰৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচন আয়োগক এই বিষয়ে নিৰ্দেশ দিয়াৰ দাবী উত্থাপন কৰিছিল, কিন্তু সেই দাবী সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। শীৰ্ষ ন্যায়ালয়ৰ পৰ্যবেক্ষণত কোৱা হৈছে যে, আধাৰৰ মৰ্যাদা আইন অনুসৰি নিৰ্ধাৰিত হৈছে আৰু সেই মৰ্যাদা বৃদ্ধি কৰা সম্ভৱ নহয়।

বিচাৰপতি সূৰ্য কান্ত আৰু বিচাৰপতি জয়মাল্য বাগচীৰ ডিভিজন বেঞ্চে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সমীক্ষা (এছআইআৰ) সম্পৰ্কীয় এটা গোচৰৰ শুনানিত আগতে জনাইছিল যে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে অন্যান্য নথিৰ সৈতে আধাৰ কাৰ্ডকো পৰিচয়পত্ৰ হিচাপে গণ্য কৰিব পাৰি। সোমবাৰৰ শুনানিত ডিভিজন বেঞ্চে এই কথা আৰু স্পষ্ট কৰি কয়, “পৰীক্ষণৰ বাবে বহুতো নথিৰ ভিতৰত আধাৰো এটা নথি হ’ব পাৰে।”

বিহাৰত খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লাখ লোকৰ নাম বাদ দিয়াৰ বিষয়ে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ চলি আছে। ন্যায়ালয়ে আগতেই জনাইছিল যে, ভোটাৰসকলে ১ ছেপ্টেম্বৰলৈ অভিযোগ দাখিল কৰিব পাৰিব। তালিকাৰ পৰা নাম বাদ পৰাৰ অভিযোগৰ সময়সীমা বৃদ্ধিৰ আৱেদন জনাই বিহাৰৰ বিৰোধী দলসমূহে সৰ্বোচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সোমবাৰে বিচাৰপতি সূৰ্য কান্ত আৰু জয়মাল্য বাগচীৰ ডিভিজন বেঞ্চে এই আৱেদনৰ শুনানি কৰে। লালুপ্ৰসাদ যাদৱৰ দল আৰজেডিৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি প্ৰকাশ কৰি কয় যে, বিহাৰৰ খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লাখ লোকৰ নাম বাদ দিয়া হৈছে। তেওঁ লগতে কয় যে, সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ পিছতো আধাৰক পৰিচয়ৰ একমাত্ৰ প্ৰমাণ হিচাপে গণ্য কৰা হোৱা নাই। তাৰ পিছতেই ডিভিজন বেঞ্চে পৰ্যবেক্ষণ কৰে, “আধাৰ আইনত আধাৰক যি মৰ্যাদা দিয়া হৈছে, তাক বৃদ্ধি কৰা সম্ভৱ নহয়। পুত্তস্বামী নিৰ্দেশত পাঁচজনীয়া বিচাৰপতিৰ বেঞ্চে আধাৰৰ বিষয়ে যি কথা কৈছে, তাৰ বিপৰীত আমি কৰিব নোৱাৰো।”

আধাৰ আইনৰ ৯ নম্বৰ ধাৰাত কোৱা হৈছে যে, আধাৰ নম্বৰ বা প্ৰমাণীকৰণ ধাৰকৰ নাগৰিকত্ব বা বাসস্থানৰ প্ৰমাণ নহয়। আনহাতে, ২০১৮ চনত সৰ্বোচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপতিৰ বেঞ্চে পুত্তস্বামী গোচৰত জনাইছিল যে, আধাৰ নম্বৰে কাৰো নাগৰিকত্বৰ অধিকাৰ প্ৰতিষ্ঠা কৰিব নোৱাৰে।

এছআইআৰ সম্পৰ্কীয় গোচৰৰ শুনানিত বিহাৰৰ বিৰোধী দলৰ আইনজীৱীসকলে বাৰে বাৰে যুক্তি দাখিল কৰিছে যে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে কেৱল আধাৰকেই প্ৰমাণ হিচাপে গণ্য কৰা হওক। এই প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে, “আধাৰৰ ওপৰত ইমান জোৰ কিয় দিয়া হৈছে? নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে আধাৰ— আমি কেতিয়াও তেনে নিৰ্দেশ নিদিওঁ।”

নিৰ্বাচন আয়োগৰ হৈ ৰাকেশ দ্বিবেদীয়ে সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি প্ৰকাশ কৰি কয় যে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আধাৰক প্ৰমাণ হিচাপে ব্যৱহাৰৰ ওপৰত জোৰ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত অভিযোগ কৰিছে যে, বহুতো বাংলাদেশী আৰু ৰোহিংগা অবৈধভাৱে দেশত প্ৰৱেশ কৰি কিছুমান ৰাজ্যত আধাৰ কাৰ্ড তৈয়াৰ কৰিছে।

বিহাৰত খচৰা তালিকাৰ পৰা ভুলবশতঃ নাম বাদ দিয়া ভোটাৰসকলক বিচাৰি উলিয়াবলৈ সৰ্বোচ্চ ন্যায়ালয়ে ৰাজনৈতিক দলৰ কৰ্মীসকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...