‘ভাৰতে যদি নিজৰ মন সলনি নকৰে ট্ৰাম্পৰ সিদ্ধান্তও নমনীয় নহয়’; দিল্লীলৈ বাৰ্তা প্ৰেৰণ ট্ৰাম্পৰ উপদেষ্টাৰ

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত সহায় কৰিছে বুলি অভিযোগ তুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় পণ্যৰ ওপৰত জৰিমনাসহ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এই বিষয়ে ভাৰত-আমেৰিকাৰ সম্পৰ্কত উত্তেজনা অব্যাহত আছে। বুধবাৰৰ পৰা ট্ৰাম্পৰ নতুন শুল্ক নীতি কাৰ্যকৰী হৈছে। এনে পৰিস্থিতিত নতুন দিল্লীত ট্ৰাম্পৰ আৰ্থিক উপদেষ্টাই নতুন বাৰ্তা প্ৰদান কৰিছে। তেওঁৰ মতে, যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়ে নিজৰ মনোভাৱ সলনি নকৰে, তেন্তে ট্ৰাম্পেও নিজৰ সিদ্ধান্তত নমনীয় নহয়।

আমেৰিকাৰ জাতীয় আৰ্থিক পৰিষদৰ অধিকৰ্তা কেভিন হেছেটৰ মতে, ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা অতি জটিল আছিল। তাৰ এটা প্ৰধান কাৰণ হৈছে ভাৰতৰ অটল মনোভাৱ। হেছেটে কয়, “যদি ভাৰতে নিজৰ মনোভাৱ সলনি নকৰে, তেন্তে মোৰ মনে কয় ট্ৰাম্পেও নিজৰ মত সলনি নকৰিব।”

ইয়াৰ উপৰিও, হেছেটৰ মতে, দুটা মূল কাৰণত ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰথম কাৰণ হৈছে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়ে আমেৰিকাৰ আপত্তি। দ্বিতীয়তে, ভাৰতৰ বজাৰত আমেৰিকাৰ পণ্য আমদানিৰ ক্ষেত্ৰত নতুন দিল্লীৰ কঠোৰ মনোভাৱ।

বুধবাৰে ট্ৰাম্প চৰকাৰৰ অৰ্থ সচিব স্কট বেছেণ্টে জনাইছিল যে, মস্কোৰ পৰা তেল ক্ৰয় কৰাটোৱেই নতুন দিল্লীৰ ওপৰত শাস্তিমূলক শুল্ক আৰোপৰ একমাত্ৰ কাৰণ নহয়। স্কটে কৈছিল, “দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ক্ষেত্ৰত ভাৰতৰ দীৰ্ঘসূত্ৰিতা (Procrastination)ও অতিৰিক্ত শুল্ক আৰোপৰ এক অন্যতম কাৰণ।”

উল্লেখযোগ্য যে, নতুন দিল্লীৰ মতে, ট্ৰাম্পে বিচাৰে ভাৰতে কৃষিপণ্য, দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰ আমেৰিকাৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়ক। কিন্তু ভাৰত তাৰ বিৰোধী। কেৱল আমেৰিকাৰ সুবিধা হোৱা এনে একপক্ষীয় চুক্তি নকৰাৰ স্পষ্ট বাৰ্তা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...