চীনে আমন্ত্ৰণ জনাইছে পুটিন, কিমকে ধৰি ২৬জন বিদেশী নেতাক; ট্রাম্পক শক্তি প্রদর্শন বেইজিঙৰ

চীনে বিজয় দিৱসৰ সমাৰোহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, উত্তৰ কোৰিয়াৰ নেতা কিম জং উনকে ধৰি বিভিন্ন দেশৰ ২৬জন নেতাক আমন্ত্ৰণ জনাইছে। চীনৰ সহকাৰী বিদেশ মন্ত্ৰী হং লেইয়ে জনোৱা মতে, আগন্তুক বুধবাৰে (৩ ছেপ্টেম্বৰ) তেওঁলোক বেইজিঙত উপস্থিত থাকিব। ঘটনাক্ৰমে, মঙ্গলবাৰে চীনৰ প্ৰভাৱত থকা ৰাষ্ট্ৰজোট শ্বাংহাই ক’অপাৰেটিভ অৰ্গেনাইজেশ্যন (এছচিঅ’)ৰ দুদিনীয়া বৈঠক সমাপ্ত হ’ব। এই সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰাৰ কথা। তেওঁ আমন্ত্ৰিতসকলৰ তালিকাত আছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ৰাছিয়াৰ পৰা চীনে সৰ্বাধিক তেল ক্ৰয় কৰে। কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকৰ প্ৰধান প্ৰতিদ্বন্দ্বী হোৱা সত্ত্বেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়ালৈকে চীনৰ বিৰুদ্ধে জৰিমনা বা শুল্ক আৰোপ কৰা নাই। ইফালে ভাৰতীয় পণ্যৰ ওপৰত আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ এই ‘দাদাগিৰি’ৰ বিৰুদ্ধে বেইজিঙে ইতিমধ্যে সৰৱ হৈছে। শত্ৰুতা পাহৰি ভাৰতৰ দৰে প্ৰতিবেশী দেশৰ সৈতেও সম্পৰ্ক উন্নত কৰাৰ ইংগিত দিছে জিনপিঙৰ প্ৰশাসনে। এনে পৰিস্থিতিত চীনৰ বিজয় দিৱসৰ কুচকাৱাজত ২৬জন বিদেশী নেতাক উপস্থিত কৰোৱাটোক ট্ৰাম্প আৰু পশ্চিমীয়া দেশসমূহৰ প্ৰতি চীনৰ শক্তি প্ৰদৰ্শন বুলি ধাৰণা কৰা হৈছে।

এইবাৰ তিয়ানজিনত বহিব এছচিঅ’ৰ সন্মিলন। এই সন্মিলনত অংশ ল’বলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফেও চীনলৈ যাব। ইয়াৰ পূৰ্বে চীনে জনাইছিল যে, বিভিন্ন দেশৰ ২০জন প্ৰতিনিধিয়ে এই সন্মিলনত অংশ ল’ব। ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছেও এই সন্মিলনত যোগদান কৰাৰ কথা। এনে পৰিস্থিতিত বৃহস্পতিবাৰে বেইজিঙে তেওঁলোকৰ বিজয় দিৱসৰ সমাৰোহৰ বাবে আমন্ত্ৰিতসকলৰ নাম ঘোষণা কৰিছে। কিন্তু পুটিন আৰু কিমৰ বাহিৰে তালিকাত আৰু কোন কোন আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আৰু জাপানৰ বিৰুদ্ধে চীনৰ যুদ্ধজয়ৰ স্মৃতি ৰক্ষাৰ বাবে বেইজিঙে ৩ ছেপ্টেম্বৰক বিজয় দিৱস হিচাপে পালন কৰে। এইবাৰ তেওঁলোকে ৮০সংখ্যক বিজয় দিৱস পালন কৰিবলৈ ওলাইছে। এই দিনটোক তেওঁলোকে ‘জাপানৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ জয়’ হিচাপে প্ৰকাশ কৰিব বিচাৰিছে। এই বিষয়ত জাপানে ক্ষোভ প্ৰকাশ কৰিছে। জাপানৰ সংবাদ সংস্থা কিয়’ড’ৰ প্ৰতিবেদন অনুসৰি, জাপানে তেওঁলোকৰ দূতাবাসৰ জৰিয়তে বিভিন্ন দেশক চীনৰ এই পৰিকল্পনাৰ বিষয়ে সতৰ্ক কৰিছে। কিন্তু বেইজিঙে নিজৰ সিদ্ধান্তত অটল। এই বিষয়ত বেইজিঙ-টকিঅ’ সম্পৰ্কত পুনৰ উত্তেজনাৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে, দুদিনীয়া জাপান ভ্ৰমণ শেষ কৰি মোদী চীনলৈ যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...