এছিয়া কাপৰ পূৰ্বে বিপাঙত পৰিছে ভাৰতীয় ক্ৰিকেট দল; ‘টাইটেল স্পনচৰ’ৰ পৰা আঁতৰিব পাৰে Dream 11

কেন্দ্ৰীয় চৰকাৰৰ নতুন অনলাইন গেমিং আইনৰ ফান্দত পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰধান স্পনচৰ ‘ড্ৰিম ইলেভেন’। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত এই বিল কাৰ্যকৰী হোৱাৰ পিছত সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে যে, টকাৰ বিনিময়ত খেলা সকলো ধৰণৰ অনলাইন গেম বন্ধ কৰি দিয়া হৈছে। ফলত তেওঁলোকৰ পক্ষত ভাৰতীয় দলৰ স্পনচৰ হিচাপে থকা সম্ভৱ নহ’ব বুলি জানিব পৰা গৈছে। ‘ড্ৰিম ইলেভেন’ৰ কৰ্তৃপক্ষই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডকো (BCCI) নিজৰ অৱস্থান স্পষ্ট কৰি দিছে বুলি খবৰ আহিছে।

২০২৩ চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ (BCCI) সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল ‘ড্ৰিম ইলেভেন’, ভাৰতীয় দলৰ টাইটেল স্পনচৰ হিচাপে। এই চুক্তিৰ বাবে তেওঁলোকে BCCIক ৩৫৮ কোটি টকা প্ৰদান কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ নতুন আইনৰ ফলত সংস্থাটোৰ প্ৰধান আয়ৰ উৎস এতিয়া বন্ধ হৈছে। তেওঁলোকৰ মূল মুনাফা আহিছিল ৰিয়েল মানি ফেন্টাচি গেমিঙৰ পৰা। ফেনক’ড, ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ দৰে অন্য সংস্থা চলি থাকিলেও আৰ্থিক দিশৰ পৰা তেওঁলোকে বৃহৎ লোকচান খাইছে।

এই পৰিস্থিতিত তেওঁলোকৰ পক্ষত ভাৰতীয় দলৰ স্পনচৰশ্বিপ অব্যাহত ৰখাটো কিমান সম্ভৱ হ’ব, তাক লৈ ক্ৰিকেট মহলত প্ৰশ্ন উঠিছে।

২০২৩ চনৰ জুলাই মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ জাৰ্চিত ‘ড্ৰিম ইলেভেন’ৰ ল’গ’ দেখা গৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাতো শুভমন গিলৰ দলৰ জাৰ্চিত এই সংস্থাৰ ল’গ’ আছিল। কিন্তু বৰ্তমান পৰিস্থিতিত ভাৰতীয় দলটো এছিয়া কাপত টাইটেল স্পনচৰ অবিহনে খেলিব লগা হ’ব পাৰে।

অৱশ্যে, BCCI বা ‘ড্ৰিম ইলেভেন’ৰ তৰফৰ পৰা চৰকাৰীভাৱে একো কথা ঘোষণা কৰা হোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি, ব’ৰ্ডে নতুন স্পনচৰৰ সন্ধান আৰম্ভ কৰিছে। সংশ্লিষ্ট কৰ্মকৰ্তাসকলে একাধিক সংস্থাৰ সৈতে যোগাযোগ কৰিছে। এছিয়া কাপৰ আগত যদি কোনো সংস্থা আগবাঢ়ি নাহে, তেন্তে সূৰ্যকুমাৰ যাদৱৰ দলটোক টাইটেল স্পনচৰ অবিহনে খেলিব লগা হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...