ইউক্ৰেইনক অস্ত্ৰৰে সজ্জিত কৰি পৰিস্থিতি আৰু বেয়া কৰি তুলিছে ট্ৰাম্পে! ‘সময়সীমা’ খাৰিজ কৰাৰ অভিযোগ ৰাছিয়াৰ

ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতিৰ বিষয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দিয়া নতুন ‘চৰম সময়সীমা’ক ৰাছিয়াই খাৰিজ কৰিছে। প্ৰাক্তন ৰাছিয়ান ৰাষ্ট্ৰপতি তথা দেশখনৰ জাতীয় নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ দিমিত্ৰি মেদভেদেভে সোমবাৰে কয়, “কিভলৈ নতুনকৈ অস্ত্ৰ সৰবৰাহৰ সিদ্ধান্ত লৈ ট্ৰাম্পে নিজেই পৰিস্থিতি জটিল কৰি তুলিছে। আমি তেওঁৰ দিয়া কোনো সময়সীমা মানি ল’ব নোৱাৰোঁ।”

বিগত ১৪ জুলাইত কিভৰ সৈতে শান্তি চুক্তিত উপনীত হ’বলৈ মস্কোক ৫০ দিনৰ সময় দিছিল ট্ৰাম্পে। এই সময়ৰ ভিতৰত যুদ্ধ বন্ধ নকৰিলে ৰাছিয়াৰ বাণিজ্যিক মিত্ৰ দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দিছিল তেওঁ। কিন্তু সোমবাৰে ট্ৰাম্পে নিজেই নিজৰ দিয়া সময়সীমা ‘ভংগ’ কৰে! ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰক উদ্দেশ্যি তেওঁ কয়, “ইউক্ৰেইনৰ শান্তিচুক্তিত সম্মত হ’বলৈ পুটিনৰ হাতত ১০-১২ দিন সময় আছে। নহ’লে ৰাছিয়াই নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব!”

কিন্তু কিয় এই ‘চৰম সময়সীমা’ আগতীয়াকৈ আনিলে? ট্ৰাম্পৰ মন্তব্য, “৫০ দিন অপেক্ষা কৰাৰ কোনো যুক্তি নাই।” এই পৰিপ্ৰেক্ষিতত মেদভেদেভে কয়, “যুদ্ধবিৰতিৰ পদক্ষেপ ৰাছিয়াই নিজৰ অৱস্থানৰ ভিত্তিতহে গ্ৰহণ কৰিব।” উল্লেখযোগ্য যে, তুৰস্কৰ ইষ্টানবুলত যুদ্ধবিৰতিৰ আলোচনা হোৱাৰ পিছৰে পৰা বিগত শুকুৰবাৰৰ পৰা ৰাছিয়া সৈন্যই নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। সোমবাৰে, যুদ্ধৰ ১২৫০তম দিনত, ৰাছিয়া সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কিভৰ লগতে কেইবাখনো প্ৰমুখ চহৰত নতুনকৈ আক্ৰমণ চলাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...