আঘাতপ্ৰাপ্ত ভৰিৰে পন্তৰ ৫৫ মিনিট! ২৭ বলত ১৭ ৰান, নজিৰ স্থাপন

আঘাতপ্ৰাপ্ত ভৰিৰে বেটিং কৰিবলৈ নামিল! ক্ৰিকেট বিশ্বই বিস্ময়েৰে চাই ৰ’ল। তেওঁক লৈ চাৰিওফালে চলি থকা জল্পনা-কল্পনা আৰু আশংকাক সাময়িকভাৱে অন্ত পেলালে ভাৰতীয় দলৰ সহ-অধিনায়কে।

সোঁ ভৰিৰ পতাত ইমান আঘাত পাইছিল যে, বুধবাৰে Ambulance buggyত উঠি খেলপথাৰ এৰিবলগীয়া হৈছিল। ১৯ ঘণ্টাৰ ব্যৱধানত বৃহস্পতিবাৰে সেই ভৰিৰে খোজ কাঢ়ি খেলপথাৰত নামিল পন্ত! খেলপথাৰত নামি সমগ্ৰ ষ্টেডিয়ামক থিয় কৰাই দিলে।

মানচেষ্টাৰত পন্তে পুনৰ বেটিং কৰিব পাৰিব বুলি কোনোৱেই ভৱা নাছিল। যি জন থিয় হ’বই পৰা নাছিল, তেওঁ কেনেকৈ খেলিব! ভাৰতীয় ক্ৰিকেট ব’ৰ্ডেও জনাইছিল যে, পন্তৰ পক্ষে মানচেষ্টাৰত উইকেট ৰক্ষা কৰা সম্ভৱ নহয়। বিয়লি ৫ বাজি ০৩ মিনিটত শাৰ্দূল আউট হোৱাৰ পিছত টেলিভিছনৰ কেমেৰা ভাৰতীয় ড্ৰেছিং ৰূমৰ ফালে যায়। সকলোকে অবাক কৰি পন্ত নামিল। দলৰ বাবে… দেশৰ বাবে।

ড্ৰেছিং ৰূমৰ পৰা নামোতে তেওঁৰ যথেষ্ট কষ্ট হৈছিল। মুখত কষ্টৰ চাপ স্পষ্ট আছিল। ৰেলিঙত ধৰি সময় লৈ সাৱধানে নামিল পন্ত। সেই পৰ্যন্ত শাৰ্দূলে খেলপথাৰত তেওঁৰ বাবে অপেক্ষা কৰিছিল। বাউণ্ডেৰী লাইনত শাৰ্দূলে পন্তৰ ফালে হাত আগবঢ়ায়। এই সময়ছোৱাত দৰ্শকে থিয় হৈ পন্তক স্বাগতম জনাইছিল। ক্ৰিকেটীয় ভদ্ৰতা দেখুৱাই বেন ষ্টোক্সসহ অন্যান্যই অপেক্ষা কৰিছিল। শাৰ্দূল আউট হোৱাৰ পৰা পন্তে গাৰ্ড লোৱাৰ সময়লৈ ২ মিনিটতকৈ অধিক সময় পাৰ হৈ গৈছিল। ইচ্ছা কৰিলে ষ্টোক্সে ‘টাইমড আউট’ৰ আবেদন কৰিব পাৰিলেহেঁতেন। কিন্তু নকৰিলে। ইংলেণ্ডৰ ক্ৰিকেটাৰসকলেও পন্তৰ সাহসিকতাক সম্মান জনাইছিল।

ড্ৰেছিং ৰুমৰ পৰা নামোতে পন্তৰ যথেষ্ট কষ্ট হৈছিল। সোঁ ভৰিত ভৰ দিব পৰা নাছিল। মধ্যাহ্ন ভোজনৰ সময়ত আকাশদীপৰ সৈতে কেইজনমান ক্ৰিকেটাৰে পন্তক ড্ৰেছিং ৰূমলৈ উভতাই নিবলৈ ওলাই আহিছিল। এই অৱস্থাতো বেটিং সম্ভৱ বুলি সম্ভৱত তেওঁ নিজেই ভাবিছিল। ভাৰতীয় দলৰ মেডিকেল ষ্টাফেও তেওঁক তৈয়াৰ কৰি দিছিল। তেওঁলোকো কিছু কৃতিত্বৰ দাবীদাৰ। নামোতে যিমান সমস্যা হৈছিল, খেলপথাৰত খোজ কঢ়াত সিমান হোৱা নাছিল। দৌৰাৰ দৰে পৰিস্থিতি নাছিল। ‘জগিং’ কৰি খুচুৰা ৰান লৈছিল।

আহত পন্তক ২২ গজৰ যুঁজত ষ্টোক্সে কোনো দয়া-মায়া কৰা নাছিল। অবিৰতভাৱে পন্তৰ সোঁ ভৰিৰ জোতা লক্ষ্য কৰি য়ৰ্কাৰ বল দিছিল। ইংলেণ্ডৰ অধিনায়কে জানিছিল যে, পন্তে দ্ৰুতভাৱে ভৰি লৰাব নোৱাৰে। ইংলেণ্ডৰ আন বলাৰসকলেও শৰীৰ লক্ষ্য কৰি বল কৰিছিল। তথাপিও পন্তে যুঁজি গৈছিল। ২২ গজৰ এটা মূৰত ৱাশ্বিংটন সুন্দৰ, অংশুল কম্বোজ আউট হৈছিল। পন্তে আনটো মূৰ নিৰাপদে ৰাখিবলৈ চেষ্টা কৰিছিল।

পন্তৰ যুঁজত শাৰীৰিক সক্ষমতাৰ অভাৱ থাকিলেও আত্মবিশ্বাসৰ অভাৱ নাছিল। প্ৰতিটো বলত স্বাভাৱিক হৈ থকাৰ চেষ্টা কৰিছিল। বলৰ লাইনত গৈ খেলাৰ চেষ্টা কৰিছিল। ভাৰতীয় ড্ৰেছিং ৰূমৰ বাবে তেওঁৰ এই যুঁজ হয়তো অনুপ্ৰেৰণা হৈ থাকিব। ভাৰতীয় ক্ৰিকেটতো আঘাতপ্ৰাপ্ত ভৰিৰে তেওঁৰ এই যুঁজ লোকগাথা হৈ থাকিব পাৰে। এনে নজিৰ আগত নাছিল, তেনে নহয়। কুম্বলেৰ উপৰিও আন বহুতো আছে। দিলীপ দোশীয়ে আঘাতপ্ৰাপ্ত পতাৰে খেলিছিল। গুৰুতৰ আঘাতৰে খেলাৰ নজিৰ আছে কপিল দেৱ, বিজয় মঞ্জৰেকৰৰো। প্ৰতিটো ঘটনাই সতীৰ্থ আৰু পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। সেই তালিকাত উজ্জ্বল উপস্থিতি থাকিল পন্তৰো।

‘লগান’ চিনেমাত বগা চাহেবসকলৰ বিৰুদ্ধে ভৰিত আঘাত পাইয়ো ‘ইছমাইল’য়ে বেট হাতত লৈ যুঁজিছিল। সেই ইংৰাজৰ বিৰুদ্ধেই আহত পন্তে মৰণপণ যুঁজ দিলে।

বৃহস্পতিবাৰে পন্তৰ ১৭ ৰানে ভাৰতক হয়তো বেছি সকাহ নিদিব। কিন্তু সাহস দিব। পন্তে দেখুৱাই দিলে এনেদৰেও যুঁজিব পাৰি। এনেদৰেও পাৰ হ’ব পাৰি। ভয়াৱহ গাড়ী দুৰ্ঘটনাত মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা পন্তে আৰু এবাৰ নিজকে প্ৰমাণ কৰিলে। প্ৰমাণ কৰিলে তেওঁ সঁচাকৈয়ে সাহসী। হাৰ নমনা এজন যোদ্ধা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...