বাৰে বাৰে আঘাত পাইছে টীম ইণ্ডিয়াৰ খেলুৱৈয়ে; ধোনীয়ে দিলে সমস্যাৰ সমাধান

৪৪ বছৰ বয়সতো মহেন্দ্ৰ সিং ধোনীয়ে IPL খেলি আছে। ১৫ বছৰৰ আন্তৰ্জাতিক কেৰিয়াৰত খুব কম সময়হে আঘাতৰ বাবে তেওঁ খেলপথাৰৰ বাহিৰত থাকিবলগীয়া হৈছে। কেইবছৰমান আগতে হাৰ্দিক পাণ্ডিয়াৰ দৰে খেলুৱৈয়েও ধোনীৰ সৈতে দৌৰত জিকিব নোৱাৰিছিল। কিন্তু ২৮ বছৰীয়া আকাশদীপ, ২২ বছৰীয়া নীতিশ ৰেড্ডীৰ দৰে খেলুৱৈয়ে বাৰে বাৰে আঘাত পাইছে। এই সমস্যা কিয় হৈছে? ইয়াৰ কাৰণৰ লগতে ইয়াৰ সমাধানো ধোনীয়ে ব্যক্ত কৰিছে।

ৰাঁচীত এটা অনুষ্ঠানত ধোনীক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল। উত্তৰত ভাৰতৰ সফল অধিনায়কজনে কৈছে যে, তৰুণ প্ৰজন্মই পৰিশ্ৰম নকৰে। খেলা-ধূলা নকৰে। ফলত ফিটনেছৰ সমস্যা হৈছে। ধোনীয়ে কৈছে, “এতিয়াৰ দিনত তৰুণ প্ৰজন্মৰ ফিটনেছ কমি আহিছে। ইয়াৰ কাৰণ, শাৰীৰিক পৰিশ্ৰম কম হৈছে। এতিয়া কোনেও খেলা-ধূলা কৰিব নিবিচাৰে। সেই কাৰণে গোটেই ভাৰতৰ তৰুণৰ ফিটনেছ হ্ৰাস পাইছে।”

এই প্ৰসংগত ধোনীয়ে নিজৰ জীয়াৰী জিবাৰ উদাহৰণো দাঙি ধৰিছে। তেওঁ কৈছে, “আনকি, মোৰ জীয়াৰীয়েও শাৰীৰিক পৰিশ্ৰম নকৰে। তেওঁ কোনো খেলা-ধূলা নকৰে। গতিকে আমি ভাবিবলগীয়া হয় যে, কেনেকৈ তেওঁক বিভিন্ন কামত ব্যস্ত ৰাখিম। দৌৰ-জাপ নকৰিলে শৰীৰ ফিট নহয়। সেয়া সকলোৱে বুজিব লাগিব।”

চলিত বছৰৰ আৰম্ভণিতে অষ্ট্ৰেলিয়া ভ্ৰমণত আকাশদীপৰ পিঠি বিষ হৈছিল। তেওঁ শৃংখলাৰ পৰা বাদ পৰিছিল। IPLৰ আৰম্ভণিতো বেংগলৰ এই পেচাৰে খেলিব পৰা নাছিল। পিছত আঘাতৰ পৰা আৰোগ্য লাভ কৰি পুনৰ দললৈ ঘূৰি অহাৰ পিছত ইংলেণ্ডত দুখন টেষ্ট মেচ খেলি পুনৰ আকাশৰ পিঠি বিষ আৰম্ভ হৈছে। মানচেষ্টাৰৰ চতুৰ্থ টেষ্ট মেচখনত তেওঁৰ খেলাৰ সম্ভাৱনা কম।

একেই অৱস্থা নীতিশৰ। IPLৰ পূৰ্বে তেওঁ আঘাত পাইছিল। ফলত IPLৰ আৰম্ভণিত বলিং কৰা নাছিল। ইংলেণ্ডত দুখন টেষ্ট খেলাৰ পিছত জিমত ব্যায়াম কৰোঁতে এনে আঘাত পাইছে যে তেওঁ শৃংখলাৰ পৰা বাদ পৰিছে। তেওঁ দেশলৈ ঘূৰি আহিছে। পিঠিৰ বিষে জছপ্ৰীত বুমৰাহকো আমনি কৰিছে। চলিত শৃংখলাত তেওঁ তিনিখনতকৈ অধিক টেষ্ট খেলিব নোৱাৰিব। কঁকালৰ আঘাতৰ ফলত হাৰ্দিকৰ ৰঙা বলৰ কেৰিয়াৰ শেষ হৈ গৈছে। এই পৰিস্থিতিত কেনেকৈ সুস্থ থাকিব পাৰি, তাৰ উপায় ধোনীয়ে ব্যক্ত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...