ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী জাভেদে। এইবাৰ উৰ্ফীৰ ওঁঠ দেখি তেওঁৰ অনুৰাগীসকল উদ্বিগ্ন হৈ পৰিছে। তেওঁৰ ওঁঠ ফুলি ঢোলৰ দৰে হৈছে। মুখমণ্ডলতকৈ ডাঙৰ আকাৰ লৈছে তেওঁৰ ওঁঠ। নিজেই সেই ভয়ংকৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এই অৱস্থাত উৰ্ফীক দেখি অনুৰাগীসকল চিন্তিত হৈ পৰিছে।

কিছুদিন আগতে উৰ্ফীয়ে এক সাক্ষাৎকাৰত জনাইছিল যে, তেওঁ ওঁঠত ফিলাৰ্ছ ব্যৱহাৰ কৰিছে। বটক্সৰ ব্যৱহাৰৰ বিষয়েও তেওঁ মন্তব্য কৰিছিল। এই বিষয়ত কোনো গোপনীয়তা অৱলম্বন নকৰাকৈ উৰ্ফীয়ে মুকলিকৈ কৈছিল। তেওঁৰ সততাৰ বাবে অনুৰাগীসকলে উৰ্ফীক প্ৰশংসা কৰিছিল। কিন্তু এইবাৰ উৰ্ফীয়ে ওঁঠৰ ফিলাৰ্ছ আঁতৰোৱাৰ সিদ্ধান্ত লৈছে। তেওঁ নিজৰ ওঁঠৰ প্ৰাকৃতিক আকাৰ ঘূৰাই পাব বিচাৰে। তাৰ বাবে তেওঁ ফিলাৰ্ছ আঁতৰাবলৈ চিকিৎসকৰ ওচৰলৈ গৈছিল।

ফিলাৰ্ছ আঁতৰোৱাৰ পদ্ধতিতেই উৰ্ফী এনে অঘটনৰ সন্মুখীন হৈছে। তেওঁ এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। তাত দেখা গৈছে যে তেওঁৰ ওঁঠত ইনজেকশ্যন লগোৱা হৈছে। দেওবাৰে এই ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰি উৰ্ফীয়ে লিখিছে, “মই ফিলাৰ্ছ আঁতৰোৱাৰ সিদ্ধান্ত লৈছো, কাৰণ সকলো নষ্ট হৈ গৈছে। ফিলাৰ্ছ আঁতৰোৱাৰ এই পদ্ধতি অতি যন্ত্ৰণাদায়ক। তথাপিও সদায় চিকিৎসকৰ পৰামৰ্শ লৈহে এই পদ্ধতি গ্ৰহণ কৰা উচিত।”

শনিবাৰে ফিলাৰ্ছ আঁতৰোৱাৰ আগতেও উৰ্ফীয়ে এখন ছবি পোষ্ট কৰি লিখিছিল, “ফিলাৰ্ছ আঁতৰাই আছো। বিশ্বাস কৰিব নোৱাৰো। মাত্ৰ ১৮ বছৰ বয়সৰ পৰা মই ফিলাৰ্ছ ব্যৱহাৰ কৰি আহিছো। ফিলাৰ্ছ অবিহনে নিজক বহুত দিন দেখা নাই। এসপ্তাহৰ ভিতৰত আকৌ লিপ ফিলাৰ্ছ কৰাম। কিন্তু এইবাৰ অধিক সূক্ষ্ম কৌশল ব্যৱহাৰ কৰিম।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...