উন্মাদনাত পৰিণত হ’ল চেম্পিয়নছ লীগ জয় কৰাৰ আনন্দ!

পেৰিছ চেণ্ট জাৰ্মেইন এফ.চিয়ে(পিএছজি) প্ৰথমবাৰৰ বাবে চেম্পিয়নছ লিগৰ খিতাপ জিকিছে। এই জয়ৰ উল্লাসত সমৰ্থকসকল আত্মহাৰা হৈ পৰিছিল। পেৰিছত জয়ৰ উৎসৱ চলি থকাৰ সময়ত হঠাৎ সেই উল্লাস তাণ্ডৱলৈ ৰূপান্তৰিত হৈছিল। উন্মত্ত উৎসৱৰ মাজত এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হৈছিল, য’ত দুজন লোকৰ প্ৰাণহানি হৈছে। অসংখ্য আৰক্ষী আহত হৈছে, এজন কোমাত আছে। ৫৫৯ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

উৎসৱৰ মাজত এজন ১৭ বছৰীয়া কিশোৰৰ বুকুত ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে। এজন ২৩ বছৰীয়া স্কুটাৰ চালকৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছে। পেৰিছৰ বিভিন্ন স্থানত গাড়ীত জুই লগাই দিয়া হৈছিল। যাত্ৰী প্ৰতীক্ষালয়তো জুই লগোৱা হৈছিল। সমৰ্থকসকলে আতচবাজি জ্বলোৱাৰ সময়ত সেই জুই চাৰিও দিশে বিয়পি পৰিছিল।

ফ্ৰান্স চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এতিয়ালৈকে ১৯২জন আহত হৈছে। ৫৫৯জনক গ্ৰেপ্তাৰ কৰা হৈছে, তাৰ ভিতৰত ৪৯১জন পেৰিছৰ। ২২জন আৰক্ষী আৰু ৭ জন অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আহত হৈছে। ২৬৪খন গাড়ীত জুই লগোৱা হৈছে। প্ৰিয় দলৰ জয়ৰ পিছত হোৱা এই বিজয় উৎসৱ হঠাৎ তাণ্ডৱলৈ ৰূপান্তৰিত হৈছিল। ৰাস্তাৰ কাষৰ দোকানতো লুটপাত চলিছিল।

সৰ্বাধিক বিশৃঙ্খলা ঘটিছিল শঁজে এলিজে এভিনিউ আৰু পাৰ্ক দ্য প্ৰাঁছ (পিএছজিৰ ষ্টেডিয়াম)ৰ সন্মুখত। অন্যান্য বহু স্থানত ইন্টাৰ মিলানক ৫-০ গ’লত পৰাস্ত কৰি চেম্পিয়নছ লিগ জয়ৰ পিছত সমৰ্থকসকলে শান্তিপূৰ্ণভাৱে উৎসৱ পালন কৰিছিল। তাত সমৰ্থকসকলে ৰাস্তাত গান গাইছিল, নাচিছিল, গাড়ীৰ হৰ্ণ বজাইছিল।

এই তাণ্ডৱৰ আশংকা কৰা হৈছিল, যাৰ বাবে পেৰিছত ৫,৪০০ আৰক্ষীকৰ্মী মোতায়েন কৰা হৈছিল। আইফেল টাৱাৰক পিএছজিৰ ৰঙেৰে ৰঙীন কৰা হৈছিল। পেৰিছৰ ৰাস্তাত উল্লাস নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে জলবোমা আৰু কন্দুৱা গেছৰ ব্যৱহাৰ কৰিছিল। শঁজে এলিজেৰ ওচৰত কিছু সমৰ্থকে আৰক্ষীৰ ফালে আতচবাজি আৰু অন্যান্য সামগ্ৰী নিক্ষেপ কৰিছিল। পেৰিছৰ ৰিং ৰোডৰ ওচৰত আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত সংঘৰ্ষ হৈছিল। পাৰ্ক দ্য প্ৰাঁছৰ ওচৰত গাড়ীত জুই লগোৱা হৈছিল।

ফ্ৰান্সৰ ফুটবল সমৰ্থকৰ এই হিংসাত্মক ৰূপ নতুন নহয়। ইয়াৰ পূৰ্বেও পিএছজিৰ সমৰ্থকসকলে বিশ্বৰ বিভিন্ন চহৰত খেলাৰ সময়ত বিশৃঙ্খলতাৰ সৃষ্টি কৰিছিল। পিএছজি আল্ট্ৰা নামৰ এটা সমৰ্থক গোটৰ এনে কুখ্যাত ৰূপ বিশ্ব ফুটবলে পূৰ্বেও দেখিছে। কিছুসংখ্যকৰ হাতত আগ্নেয়াস্ত্ৰ দেখা গৈছিল বুলি অভিযোগো উত্থাপিত হৈছে। সেইবাবে শনিবাৰে নিশা চেম্পিয়নছ লিগত পেৰিছৰ দলটোৰ জয়ৰ পিছতেই বিশৃঙ্খলতাৰ আৰম্ভ হৈছিল।

জাৰ্মানীৰ মিউনিখত এইবাৰৰ চেম্পিয়নছ লিগৰ ফাইনেল অনুষ্ঠিত হৈছিল। মিউনিখৰ ষ্টেডিয়ামত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা থকাৰ পিছতো পিএছজিৰ জয়ৰ পিছত সেই নিৰাপত্তাৰ বেহুকো উফৰাই পেলালে সমৰ্থকসকলে। লুই এনৰিকৰ দল চেম্পিয়ন হোৱাৰ পিছত একপ্ৰকাৰ খেলপথাৰখন অধিকাৰ কৰি লৈছিল সমৰ্থকসকলে। কোনোৱে চিঞৰিছিল, কোনোৱে গান গাইছিল, কোনোৱে পতাকা উৰুৱাইছিল। কিছুমানে পোষ্টাৰ, বেনাৰ বা মশাল হাতত লৈ উচ্ছ্বাস প্ৰকাশ কৰিছিল। কিছু সমৰ্থকে পুৰস্কাৰ বিতৰণীৰ বাবে অপেক্ষা কৰিছিল।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে সমৰ্থকসকলক আটক কৰি ৰাখিছিল, কাৰণ তেনে পৰিমাণৰ লোকক খেলপথাৰৰ পৰা বাহিৰ কৰাটো সম্ভৱ নাছিল। উন্মত্ত সমৰ্থকৰ কিছুমানে চেম্পিয়নছ লিগ ফাইনেলৰ স্মাৰক সংগ্ৰহত ব্যস্ত হৈ পৰিছিল। কোনোৱে গোলপোষ্টৰ জাল ছিঙিছিল, কোনোৱে খেলপথাৰৰ ঘাঁহ আৰু মাটি লৈ গৈছিল।

পেৰিছৰ এটা দিশত সমৰ্থকৰ উল্লাসত জুই জ্বলি থকাৰ সময়ত প্ৰায় একে সময়তে ফৰাছী ওপেন চলি আছিল। নোভাক জকোভিচে ৰোলাঁ গাৰোছত খেলি আছিল।

দেওবাৰে পিএছজি দলে পেৰিছৰ পথত বিজয়ৰ শোভাযাত্ৰা কৰিব। প্ৰায় ১০ হাজাৰ সমৰ্থকৰ সমাগম হ’ব পাৰে বুলি জনা গৈছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰনে পিএছজিৰ খেলুৱৈসকলৰ সৈতে সাক্ষাৎ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...