পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি গুৱাহাটীত, অবৈধ প্ৰেমিকৰে মিলি হত্যা কৰিলে নিজৰেই সন্তানক

সন্তান এটি জন্ম দিলেই এগৰাকী মহিলাক মাতৃ বুলিব পাৰিনে? সম্পৰ্কত মাতৃ যেন লগা সকলো মহিলাকে জানো মাতৃ বুলি ক’ব পাৰি? শেহতীয়াকৈ সংঘটিত হোৱা এটা ঘটনাই উত্থাপন কৰিছে এনে কেতবোৰ প্ৰশ্নৰ। মাতৃ দিৱসৰ দিনাই পৱিত্ৰ ‘মাতৃ’ সত্তাক কলংকিত কৰা এক ঘটনা ঘটিল গুৱাহাটীত। পৰকীয়া প্ৰেমত হেঙাৰ হোৱাৰ বাবেই নিজৰেই সন্তানক হত্যা কৰিলে এগৰাকী মহিলাই।

ঘটনা মহানগৰীৰ বশিষ্ঠৰ। দেওবাৰে দুপৰীয়াৰ ভাগত বশিষ্ঠত ক’লা ৰঙৰ এটা ট্ৰলীৰ ভিতৰত উদ্ধাৰ হৈছিল এটি শিশুৰ মৃতদেহ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল মৃত শিশুটিৰ পৰিচয়। শিশুটিৰ নাম মৃন্ময় বৰ্মন। মৃতদেহ উদ্ধাৰ হোৱাৰ এদিন পূৰ্বৰে পৰা অৰ্থাৎ শনিবাৰে সন্ধিয়াৰ পৰা কোনো সন্ধান নাছিল শিশুটিৰ। মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে জেৰা চলালে শিশুটিৰ মাতৃ আৰু মাতৃৰ অবৈধ প্ৰেমিকক। আৰক্ষীৰ জেৰাত হত্যাৰ কথা স্বীকাৰ মাতৃ-অবৈধ প্ৰেমিকৰ। পৰকীয়া প্ৰেমৰ বাবে বিবাহ বিচ্ছেদো হৈছিল অভিযুক্ত মাতৃৰ। মাতৃ আৰু অবৈধ প্ৰেমিকৰ মাজত হেঙাৰ হৈছিল শিশুটি। যাৰ বাবে শিশুটিক হত্যা কৰাৰ কথা স্বীকাৰ মাতৃ দিপালী ৰাজবংশী আৰু অবৈধ প্ৰেমিক জিতুমণি হালৈৰ। হত্যাকাৰী জিতুমণি হালৈৰ শিহৰণকাৰী স্বীকাৰোক্তি, ‘বাইকত আমাৰ মাজত বহুৱাই তাক লৈ গৈছিলোঁ, আমি দুয়ো মিলি তাক হত্যা কৰিলোঁ। গুৱাহাটীত বতাহ-বৰষুণৰ বাবে ৰাস্তাত কোনো নাছিল। ৰাস্তাটো সম্পূৰ্ণৰূপে আন্ধাৰ হৈ আছিল। তাক মুখত সোপা মাৰি হত্যা কৰি ট্ৰলীটোত ভৰাই পেলাই দিলো।’

মহানগৰীৰ এখন ব্যক্তিগত ক্লিনিকত কৰ্মৰত আছিল মাতৃ। অভিযুক্ত প্ৰেমিক জিতুমণি হালৈ আছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। শিশুটিৰ পিতৃয়েও মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। তেওঁ কয় যে, ‘বহু বছৰৰ পৰা দিপালী আৰু জিতুমনিৰ আছিল সম্পৰ্ক। ৪ মাহৰ পূৰ্বে দিপালীৰ সৈতে হৈছিল বিবাহ বিচ্ছেদ। শিশুটি জন্ম দিয়ে দায়িত্ব শেষ কৰিছিল দিপালীয়ে। মাজে সময়ে শিশুটিক ৰাখিছিল NGOত।’ শিশুটিৰ পিতৃয়ে জনোৱা অনুসৰি অবৈধ সম্পৰ্কৰ বাবেই বিবাহ বিচ্ছেদ হৈছিল দুয়োৰে। কণমানি মৃন্ময়েও পিতৃক জনাইছিল মাতৃৰ অবৈধ সম্পৰ্কৰ কথা।। মাতৃৰ ওচৰলৈ প্ৰায়ে গৈছিল প্ৰেমিক জিতুমনি। মেছেজ, ফোনত সঘনে কথা পাতিছিল দুয়োৱে। এই কথাত প্ৰতিবাদো কৰিছিল মৃন্ময়ে। দুয়ো একেলগে ঘূৰি ফুৰা প্ৰায়ে দেখিছিল স্থানীয় লোকে। ভাৰাঘৰৰ লোকেও স্বামীক জনাইছিল পত্নীৰ এই কথা।

আনফালে শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখতো চকুত ঘঁৰিয়ালৰ চকুপানী লৈ কেতবোৰ মন্তব্য কৰে অভিযুক্ত মাতৃ দিপালী ৰাজবংশীয়ে। কান্দি কান্দি দিপালীয়ে কয় যে, ‘মোৰ ল’ৰাটোক ন্যায় দিয়ক…’ আৰু কি কি ক’লে অভিযুক্ত দিপালী ৰাজবংশীয়ে? সবিশেষ চাওক।

উল্লেখ্য যে শিশুক হত্যা কৰাৰ পিছতে নিৰুদ্দেশৰ এক নাটকীয় ৰূপ দিয়াৰো চেষ্টা কৰিছিল মাতৃয়ে। শিশুটিৰ নিৰুদ্দেশ সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ। শিশুটিৰ সন্ধানত ফেচবুকতো দিছিল পোষ্ট। সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত আৰক্ষীৰ।

CCTVতো বন্দী হৈছে শনিবাৰে টিউচনৰ পৰা কণমানি মৃন্ময় ওলাই যোৱাৰ দৃশ্য। এনেকৈয়ে টিউচনৰ পৰা ওলাই গৈছিল শিশুটি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...