গুৱাহাটী, ২১ জুন, NKTV: ক’ভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন SOP। কাইলৈৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰ্দেশনা। অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত। ৰাজ্যৰ ৮খন জিলাত শিথিল সান্ধ্য আইন।
আৰু কি কি আছে নতুন SOPত?
- সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ৮জিলাত সান্ধ্য আইন
- চিৰাং, ওদালগুৰি, পঃ কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্য আইন
- মাজুলী, বঙাইগাঁও, দঃ শালমাৰাত ৫ বজাৰ পৰা সান্ধ্য আইন
- ডিমা হাছাও, চৰাইদেউতো সান্ধ্য আইন বিয়লি ৫ বজাৰ পৰা
- গুৱাহাটীত দুপৰীয়া ১ বজালৈ খুলিব পাৰিব দোকান
- গুৱাহাটীত দুপৰীয়া ১ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়
- বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ গুৱাহাটীত কাৰ্ফিউ
- ৫খন জিলাত এতিয়াও হৈ আছে উদ্বেগজনক পৰিস্থিতি
- ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰৰ পৰিস্থিতি উদ্বেগজনক
- শোণিতপুৰ, নগাঁৱতো উন্নত হোৱা নাই পৰিস্থিতি
- স্বাস্থ্য বিভাগে পৰ্যৱেক্ষণৰ মাজত ৰাখিছে জিলাকেইখন
- পৰিস্থিতি উন্নত নহ’লে জিলাকেইখনত কঠোৰ পদক্ষেপ
- বাকী জিলাসমূহত দুপৰীয়া ১ বজাৰ পৰা হ’ব সান্ধ্য আইন
- দুটা ড’জ ভেকচিন লোৱাসকল আহিব লাগিব কাৰ্যালয়লৈ
- সভা, অনুষ্ঠান-পাৰ্বনক লৈ পূৰ্বৰ নিৰ্দেশনা বাহাল
- পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বন্ধ শিক্ষানুষ্ঠান
- গৰ্ভৱতী মহিলাসকল আহিব নালাগে কাৰ্যালয়লৈ
- ৫ বছৰৰ তলৰ শিশুৰ মাতৃও আহিব নালাগে কাৰ্যালয়লৈ