ৰাজ্যৰ ষ্টার্টআপ খণ্ডক আৰু অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে দক্ষিণ কোৰিয়াৰ সৈতে আলোচনা প্রক্রিয়া চলাই আছে ৰাজ্য চৰকাৰে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ‘এডভান্টেজ আছাম ২.০’ৰ সৈতে সংগতি ৰাখি খানাপাৰাৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুকলি কৰা প্ৰদৰ্শনীখন বৃহস্পতিবাৰে পৰিদৰ্শন কৰে। উল্লেখ্য যে, এই প্রদর্শনীখনত দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্রতিষ্ঠান তথা ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে নিজৰ ঔদ্যোগিক দিশসমূহ প্রতিফলিত কৰাৰ লগতে ইয়াত অসমত উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তাৰ দিশসমূহো দাঙি ধৰা হৈছে। আনহাতে, প্রদর্শনস্থলীত অসমৰ কেইবাখনো জিলাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্রীও প্ৰদৰ্শন কৰা হৈছে। আজিৰে পৰা সৰ্বসাধাৰণৰ বাবে মুকলি কৰা এই সু-বৃহৎ প্রদর্শনীখন অহা ১ মার্চলৈ চলিব। এই প্রদর্শনী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪ ফেব্ৰুৱাৰীত পৰিদৰ্শন কৰিছিল।

মুখ্যমন্ত্রীয়ে প্রদর্শনীখনৰ ‘অসম-অতীত, বর্তমান আৰু ভৱিষ্যত’ শীর্ষক পেভেলিয়নত অংশগ্ৰহণ কৰা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অগ্ৰণী প্রতিষ্ঠানসমূহৰ বীথিকাসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ পিছত উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ ষ্টার্টআপ, বৃহৎ উদ্যোগ, ক্ষুদ্র-মজলীয়া আৰু লঘু উদ্যোগ, বনজ উৎপাদন, আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা উৎপাদিত সামগ্রী আদি এই প্রদর্শনীখনত প্ৰদৰ্শন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সৰ্বসাধাৰণ জনতাৰ লগতে বিশেষকৈ ৰাজ্যৰ শিক্ষার্থীসমাজক এই প্রদর্শনীখন চাবলৈ আহ্বান জনাই কয় যে ইয়াৰ জৰিয়তে তেওঁলোকে অসম সম্বন্ধীয় বহু বিষয় অৱগত হ’বলৈ সক্ষম হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় যে অসমৰ ষ্টার্টআপ খণ্ডত শেহতীয়াকৈ বহু উল্লেখনীয় কাম সম্পন্ন হৈছে আৰু এই খণ্ডটোৱে যথেষ্ট অগ্রগতি লাভ কৰিছে। তেওঁ লগতে সদৰী কৰে যে অসমৰ ষ্টার্টআপ ইনুকিউৱেশ্যন চেণ্টাৰৰ লগত প্রত্যক্ষভাৱে জড়িত কৰি ৰাজ্যখনৰ ষ্টার্টআপ খণ্ডটোক আৰু অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে দক্ষিণ কোৰিয়া চৰকাৰৰ সৈতে আলোচনা প্রক্রিয়া চলাই আছে। ষ্টার্টআপৰ সৈতে জড়িত ৰাজ্যখনৰ যুৱসমাজৰ প্ৰতিভা প্ৰদৰ্শিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভা অধিক বিকশিত হোৱাত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে ষ্টার্টআপ প্রদর্শনী অনুষ্ঠিত কৰিব বুলিও তেওঁ কয়।

Popular

More like this
Related

১ মাৰ্চৰ পৰা উপলব্ধ হ’ব গুৱাহাটীৰ RR vs CSKৰ IPL মেচৰ টিকট

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা...

অসম সাহিত্য সভাৰ “সেতু বন্ধ“ কাৰ্যসূচী

অসম আৰু অৰুণাচলে সাহিত্য-সংস্কৃতিৰে সমন্বয়ৰ সাঁকো গঢ়িছে অৰুণাচল প্ৰদেশৰ 'ন্যুকুম...

চিলনী চোৰৰ তাণ্ডৱ, দিনৰ পোহৰতে আক্ৰমণ কৰিলে আৰক্ষী জোৱানক

ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক...

জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড, পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ-হাজাৰ মাছ

পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ হাজাৰ মাছ। চাপৰৰ...