পৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ

জাৰ্মানীৰ বিপক্ষে দুটাকৈ আত্মঘাতী গ’ল
জাৰ্মান বাহিনীৰ হাতত ৪-২ গলত পৰাস্ত পৰ্তুগাল
পৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ
তাৰকাসমৃদ্ধ ফ্ৰান্সৰ বিপক্ষে হাংগেৰীৰ চমক

গুৱাহাটী, ২০ জুন, NKTV: ইউৰো কাপত গ্ৰুপ অৱ ডেথৰ খেল মানেই অধিক ৰোমাঞ্চ, ফুটবলৰ উন্মাদনা। জাৰ্মানী, ফ্ৰান্স,পৰ্তুগাল কোন প্ৰৱেশ কৰিব নক আউটত সেয়া এতিয়াও কৌতুহলৰ আৱৰ্তত। দেওবাৰে টুৰ্ণামেণ্টৰ প্ৰথমখন খেলত ফ্ৰান্সৰ বিৰুদ্ধে হাংগেৰীৰ চমকপ্ৰদ খেল। এমবাপ্পে,বেনজেমাৰ দৰে তাৰকাক বান্ধি ৰাখিলে হাংগেৰীৰ ডিফেণ্ডাৰে।অতিৰিক্ত সময়ত হাংগৰীৰ আটিলা ফিঅলাৰ গলেৰে অগ্ৰগতি। ইয়াৰ ২৫ মিনিট সময় অতিক্ৰম কৰাৰ পিছত গ্ৰীজমেনৰ গলেৰে শেষ ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ। হাংগেৰীৰ চমকৰ অন্ত পৰাৰ লগে লগে আন এখন হাইভল্টেজ মেচ।

সমুখ সমৰত জাৰ্মানীৰ বিৰুদ্ধে নামিল পৰ্তুগাল
খেলৰ আৰম্ভণিতে ৰ’নাল্ডৰ বিস্ময়কৰ দুভৰিৰ কলাত দিশহাৰা জাৰ্মান ডিফেণ্ডাৰ
১৫ মিনিটত ৰনাল্ডৰ দৰ্শনীয় গ’ল
কিন্তু মহাতৰকাৰ পৰিশ্ৰমত আউল লগালে সতীৰ্থ ডিফেণ্ডাৰে

ৰবেন ডিয়াছ,ৰাফেল গুৱেৰোৰ দুটাকৈ আত্মঘাতী গলেৰে অগ্ৰগতি ললে জাৰ্মানীয়ে। এয়াই আছিল মেচখনৰ টাৰ্ণিং পইণ্ট। দ্বিতীয়াৰ্ধত অধিক আক্ৰমনাত্মক হৈ উঠিল জাৰ্মান শিবিৰ। তচনচ কৰিলে পৰ্তুগালৰ ৰক্ষণ। বহুতক মনত পেলাই দিলে ব্ৰাজিলক বিশ্বকাপত কেনেদৰে অসহায় কৰিছিল জাৰ্মানীয়ে। শনিবাৰেও যেন তাৰেই পুনৰাবৃত্তি। কে হাভাৰ্টজ, ৰবিন গোছেনৰ দুটাকৈ উপৰ্যুপৰি গলেৰে নিশ্চিত পৰাজয়ৰ দিশলৈ ঠেলি দিলে পৰ্তুগালক। শেষৰ ফালে পৰ্তুগালৰ হৈ ডিয়োগো জটাৰ সন্তুষ্টিৰ গ’ল। পৰ্তুগালৰ জয় আৰু জাৰ্মানীৰ পৰাজয়ৰ পিচত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ থাকিব কেৱল ইউৰো কাপৰ এফ গ্ৰুপত। ইফালে পুনৰ ড্ৰ খেলিলে স্পেইনে। পোলেণ্ডৰ বিপক্ষে ১-১ গলত ড্ৰ খেলে স্পেইনে। নক আউটত প্ৰৱেশৰ বাবে গ্ৰুপৰ অন্তিম মেচত স্পেইনৰ জয় অনিবাৰ্য,পৰাজয় মানেই টুৰ্ণামেন্টৰ পৰা বিদায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...