মহিলাক মাহিলি ২,৫০০ টকাকৈ, ৫০০ টকাত LPG চিলিণ্ডাৰ দিব বিজেপিয়ে…

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই দলৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰথম অংশ মুকলি কৰে। এইটো অংশত দলটোৱে মহিলাৰ বাবে মাহিলি ২,৫০০ টকা, ৫০০ টকাত এল পি জি চিলিণ্ডাৰ আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ২,৫০০ টকাকৈ মাহিলি সাহায্যৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰি তেওঁ প্রতিশ্রুতি দিয়ে যে বিজেপি কেন্দ্রীয় শাসিত অঞ্চলটোত ক্ষমতালৈ আহিলে বর্তমান থকা জনকল্যাণ আঁচনিবোৰ অব্যাহত থাকিব। ‘সংকল্প পত্ৰ’ৰ প্ৰথম অংশ উন্মোচন কৰি এখন সংবাদমেলত নড্ডাই কয় যে, দলটোৰ ইস্তাহাৰ হৈছে উন্নত দিল্লীৰ আধাৰশিলা। আনহাতে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বৰ আম আদমি পার্টিক (আপ) আক্ৰমণ কৰি তেওঁ কয় যে চলি থকা জনকল্যাণ আঁচনিত সংঘটিত হোৱা বুলি উত্থাপিত সকলো অভিযোগৰে তদন্ত কৰা হ’ব। তেওঁ প্রতিশ্রুতি দিয়ে যে বিজেপি নেতৃত্বাধীন দিল্লী চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে ‘আয়ুষ্মান ভাৰত’ প্ৰৱৰ্তন কৰিব আৰু ইয়াৰ উপৰি ৫ লাখ টকাৰ অতিৰিক্ত স্বাস্থ্য সেৱাৰ সুবিধা দিব। বিজেপিয়ে ৬০-৭০ বছৰৰ লোকক মাহিলি ২,৫০০ টকাকৈ আৰু ৭০ বছৰৰ ওপৰৰ লোকক মাহিলি ৩,০০০ টকাকৈ বৃদ্ধ পেঞ্চন দিয়া হ’ব। তেওঁ আৰু কয়, ‘বিজেপিয়ে দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকলক ৫০০ টকাত এল পি জি চিলিণ্ডাৰ দিব। তদুপৰি ফাকুৱা আৰু দীপাৱলীত এটাকৈ বিনামূলীয়া চিলিণ্ডাৰ দিব।’ উল্লেখযোগ্য যে অহা ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ফলাফল ঘোষণা কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...