এডভান্টেজ অসম ২.০: অনিল আগৰৱাল বেদৰে উদ্যোগ মন্ত্ৰী বিমল বড়াৰ বৈঠক

লণ্ডনত অনুষ্ঠিত ‘এডভান্টেজ অসম২. ০ ৰ প্ৰচাৰ যাত্ৰাৰ অংশ হিচাপে আজি ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই গ্ৰেট ব্ৰিটেইনত ‘মেটেল কিং’ হিচাপে প্ৰখ্যাত অনিল আগৰৱাল বেডক লণ্ডনৰ হোটেল চেন্ট জেমছত সাক্ষাৎ কৰে।

বিশ্বৰ এক আগশাৰীৰ খনি আৰু ধাতুৰ প্ৰতিষ্ঠান বেদান্ত ৰিচ’ৰ্ছ লিমিটেডৰ অধ্যক্ষ অনিল আগৰৱাল বেডৰ সৈতে উদ্যোগ মন্ত্ৰী বড়াৰ বৈঠকৰ সময়ত মন্ত্ৰী গৰাকীয়ে ভাৰত তথা অসমত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা ঔদ্যোগিক বিকাশৰ এক ৰূপৰেখা ডাঙি ধৰে। মন্ত্ৰী বড়াই অসমত সম্ভাব্য বিনিয়োগৰ ক্ষেত্ৰ সমুহৰ ওপৰতো আলোক পাত কৰি উদ্যোগপতি গৰাকীক অহা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য ‘এডভান্টেজ অসম২. ০’ সন্মিলনলৈ আমন্ত্রণো জনায়।

উল্লেখ্য যে, সুৰক্ষাকাৰী সম্পদ ব্যবস্থাপনাৰ ক্ষেত্ৰত বিশেষ সুনাম থকা ‘বেদান্ত ৰিচ’ৰ্ছ লিমিটেড’ৰ অধ্যক্ষ অনিল আগৰৱাল বেড এগৰাকী সমাজ হিতৈষী ব্যক্তি হিচাপেও বিশেষভাবে পৰিচিত।

দুয়োগৰাকী ব্যক্তিৰ মাজৰ আলেচনাত দক্ষতা বিকাশ, উদ্যমিতা,কৰ্ম সংস্হাপন, সুৰক্ষাকাৰী উন্নয়ন আদি বিষয় সমূহেও স্হান লাভ কৰে আৰু অসমৰ অৰ্থ নৈতিক বিকাশৰ দিশত উদ্যোগ মন্ত্ৰী বড়াই আগৰৱাল বেডৰ সহ যোগিতা কামনা কৰে।উদ্যোগপতি গৰাকীৰে আলোচনাৰ সময়ত মন্ত্ৰী বড়াৰ সৈতে ৰাজ্যৰ বিশেষ মুখ্য সচিব চৈয়বদ্দিন আব্বাছী, উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, পৰ্যটন বিভাগৰ সচিব পদ্ম পানি বৰা আৰু উদ্যোগ মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কমল জ্যোতি ভূঞাও উপস্থিত আছিল।

ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে স্পেচ স্কেল হোৱাইট চিটি(Space Scale White City) আৰু ইম্পেৰিয়েল ইনোভেশন হাব (Imperial Innovation Hub) পৰিদৰ্শন কৰে। এই উদ্ভাৱনী কেন্দ্ৰই এআই(AI) , মহাকাশ প্ৰযুক্তি(Space Technology), জৈৱ প্ৰযুক্তি (Biotechnology ) ইত্যাদি ক্ষেত্ৰত গুৰুত্বপূর্ণ গৱেষণা আৰু উদ্যোগিক প্ৰচেষ্টা চলাই আহিছে। এই পৰিদৰ্শনৰ সময়তে অসম আৰু লণ্ডনৰ উদ্ভাৱনী কেন্দ্রসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত মন্ত্ৰী গৰাকীয়ে কৰ্তৃপক্ষৰে পৰ্যালোচনা কৰে আৰু অসমৰ উদ্যোগসমূহত ইয়াৰ সম্ভাব্য প্ৰয়োগৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ দিশত কিদৰে অগ্ৰসৰ হ’ব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...