ঢকুৱাখনাৰ এজন যুৱকৰ মুগা পালনৰ অনন্য নিদৰ্শন

অসম-অসমীয়াৰ স্বাভিমানৰ প্ৰতীক,গৌৰৱৰ বাহক মুগা শিল্প। অসমৰ মুগাই সমগ্ৰ বিশ্বতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়। সোণালী সূতা বুলি কলেই মনলৈ আহে অসমৰ মুগা শিল্পৰ কথা। এই মুগা শিল্পৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ আছে এক সুকীয়া পৰিচয়। খেতি-বাতি সামৰি ঢকুৱাখনাৰ প্ৰায় সংখ্যক কৃষক জড়িত হৈ পৰে মুগা পালনত। এই মুগা শিল্পৰ উত্তৰণৰ ক্ষেত্ৰত ঢকুৱাখনাৰ এজন শিক্ষিত যুৱ মুগাপালকৰ নিৰলস প্ৰচেষ্টা। ঢকুৱাখনা বান্তৌ গাঁৱৰ শিক্ষিত যুৱক ঋতুৰাজ ফুকনে পিতৃৰ সহায়ত চলাই গৈছে মুগাপালন। ৰেচম বিভাগৰ সহায়-সহযোগিতা অবিহনেই নিজা প্ৰচেষ্টাৰে চলাই গৈছে মুগা পালন। বছৰৰ প্ৰতিটো সময়তে মুগা পানলৰ লগত জড়িত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হৈছে ঢকুৱাখনাৰ ঋতুৰাজ ফুকন নামৰ জন যুৱকজন।

উৎপাদিত মুগাৰ লেটাৰ পৰা ঋতুৰাজ ফুকনে ঘৰতে স্থাপন কৰিছে ক্ষুদ্ৰ বয়ন উদ্যোগ। বিভিন্ন থলুৱা মুগাৰ সাজ প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ বহু লোকক বাট দেখুৱাইছে কৰ্মসংস্থাপনৰ। নিজে উৎপাদন কৰা খাঁটি মুগাৰ পৰপম্পৰাগত বস্ত্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ইংলেণ্ড,আমেৰিকাতো বিশেষভাৱে লাভ কৰিছে সমাদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...