ঢকুৱাখনাৰ এজন যুৱকৰ মুগা পালনৰ অনন্য নিদৰ্শন

অসম-অসমীয়াৰ স্বাভিমানৰ প্ৰতীক,গৌৰৱৰ বাহক মুগা শিল্প। অসমৰ মুগাই সমগ্ৰ বিশ্বতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়। সোণালী সূতা বুলি কলেই মনলৈ আহে অসমৰ মুগা শিল্পৰ কথা। এই মুগা শিল্পৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ আছে এক সুকীয়া পৰিচয়। খেতি-বাতি সামৰি ঢকুৱাখনাৰ প্ৰায় সংখ্যক কৃষক জড়িত হৈ পৰে মুগা পালনত। এই মুগা শিল্পৰ উত্তৰণৰ ক্ষেত্ৰত ঢকুৱাখনাৰ এজন শিক্ষিত যুৱ মুগাপালকৰ নিৰলস প্ৰচেষ্টা। ঢকুৱাখনা বান্তৌ গাঁৱৰ শিক্ষিত যুৱক ঋতুৰাজ ফুকনে পিতৃৰ সহায়ত চলাই গৈছে মুগাপালন। ৰেচম বিভাগৰ সহায়-সহযোগিতা অবিহনেই নিজা প্ৰচেষ্টাৰে চলাই গৈছে মুগা পালন। বছৰৰ প্ৰতিটো সময়তে মুগা পানলৰ লগত জড়িত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হৈছে ঢকুৱাখনাৰ ঋতুৰাজ ফুকন নামৰ জন যুৱকজন।

উৎপাদিত মুগাৰ লেটাৰ পৰা ঋতুৰাজ ফুকনে ঘৰতে স্থাপন কৰিছে ক্ষুদ্ৰ বয়ন উদ্যোগ। বিভিন্ন থলুৱা মুগাৰ সাজ প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ বহু লোকক বাট দেখুৱাইছে কৰ্মসংস্থাপনৰ। নিজে উৎপাদন কৰা খাঁটি মুগাৰ পৰপম্পৰাগত বস্ত্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ইংলেণ্ড,আমেৰিকাতো বিশেষভাৱে লাভ কৰিছে সমাদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...