মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ। ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল একনাথ সিন্দেৰ। আজিয়েই কাৰ্যকাল উকলিব চৰকাৰখনৰ। মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ জটিলতা আঁতৰ হোৱা নাই। দেবেন্দ্ৰ ফাড়নবিছক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বিজেপিয়ে । বিজেপিৰ দখললৈ আহিছে ১৩২খন আসন। সিন্দেৰ শিৱসেনাই একনাথ সিন্দেকেই মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে। ‘বিহাৰ ম’ডেলে’ৰে মহাৰাষ্ট্ৰত চৰকাৰ গঠন বিচাৰিছে সিন্দেসেনাই। বিহাৰত কম আসন থাকিলেও JDUৰ নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈছে। মিত্ৰজোঁট হিচাপে একনাথ সিন্দেক মুখ্যমন্ত্ৰী কৰাৰ দাবী সিন্দেসেনাৰ। ইফালে আজি দিল্লীত উপস্থিত হৈছেহি দেবেন্দ্ৰ ফাড়নবিছ। ওম বিৰলাৰ কন্যাৰ বিয়াৰ বাবে আহিলেও আঁৰত আছে ৰাজনীতি। আজিয়েই ফাড়নবিছে সাক্ষাৎ কৰিব জে পি নাড্ডাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...