মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ। ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল একনাথ সিন্দেৰ। আজিয়েই কাৰ্যকাল উকলিব চৰকাৰখনৰ। মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ জটিলতা আঁতৰ হোৱা নাই। দেবেন্দ্ৰ ফাড়নবিছক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বিজেপিয়ে । বিজেপিৰ দখললৈ আহিছে ১৩২খন আসন। সিন্দেৰ শিৱসেনাই একনাথ সিন্দেকেই মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে। ‘বিহাৰ ম’ডেলে’ৰে মহাৰাষ্ট্ৰত চৰকাৰ গঠন বিচাৰিছে সিন্দেসেনাই। বিহাৰত কম আসন থাকিলেও JDUৰ নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈছে। মিত্ৰজোঁট হিচাপে একনাথ সিন্দেক মুখ্যমন্ত্ৰী কৰাৰ দাবী সিন্দেসেনাৰ। ইফালে আজি দিল্লীত উপস্থিত হৈছেহি দেবেন্দ্ৰ ফাড়নবিছ। ওম বিৰলাৰ কন্যাৰ বিয়াৰ বাবে আহিলেও আঁৰত আছে ৰাজনীতি। আজিয়েই ফাড়নবিছে সাক্ষাৎ কৰিব জে পি নাড্ডাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...