কোনে হত্যা কৰিছিল ৰূপহীহাটৰ গড়াজানৰ ৪জনক?

নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত হৈছিল এটা লোমহৰ্ষক ঘটনাই। যি ঘটনাই জোকাৰি গৈছিল ৰাজ্য। বুধবাৰে জীয়ৰীৰ বিয়াৰ বাবে আয়োজন চলাই থকা পিতৃ-মাতৃ আৰু কন্যাক ঘপিয়াই হত্যা কৰিছিল আততায়ীয়ে। পূৰ্বে বিয়াত বহিবলৈ ওলাৱ যুৱতীৰে সম্পৰ্ক-সংঘাত থকা যুৱকেই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছিল। কিন্তু ৰহস্যজনকভাবে অনুপম সৰকাৰ নামৰ সেই যুৱকজনৰো মৃতদেহ একেলগে উদ্ধাৰ হৈছিল। ঘটনা আছিল ৰহস্যজনক। কোনে কিয় সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষী অধীক্ষক ঘটনাৰ পাছতে উপস্থিত হৈছিলগৈ গড়াজানত। ৰক্তাক্ত হৈ পৰা ঘৰটো চাই আৰক্ষী আৰু ফৰেণছিকে সংগ্ৰহ কৰিছিল কেতবোৰ নমুনা। এতিয়াও সেইবোৰ পৰীক্ষা চলিয়েই আছে। হানি-খুঁচি ঘপিয়াই হত্যা কৰা হৈছিল চাৰিওজনক। চাৰিওপিনে কেৱল তেজ আৰু তেজ। কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাছিল কোনো অস্ত্ৰ-শস্ত্ৰও। সেয়া কেনেকৈ সম্ভৱ। কোনোবা ছুপাৰি কিলাৰে এই ঘটনা সংঘটিত কৰা নাইতো।

গড়াজানৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন SIT। নগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, সহকাৰী আৰক্ষী অধীক্ষক, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক লৈ গড়াজানৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে স্পেচিয়েল ইনভেষ্টিগেচন টীম। ঘটনা সংঘটিত হোৱাৰ চতুৰ্থ দিনা SDRF-এ হত্যাৰ বলি হোৱা গুণধৰ সৰকাৰৰ ঘৰৰ কাষতে থকা পুখুৰীত চলালে অভিযান। কিন্তু এই অভিযানতো কোনো অস্ত্ৰ নাপালে এছ ডি আৰ এফ বাহিনীয়ে।

অতি ভয়ানক আছিল সেই ঘটনা। এতিয়াও ভয়-শংকা গড়াজানবাসীৰ মাজত। হত্যাৰ আঁৰত কোন, কি। ফাদিল কৰিব লাগিব আৰক্ষীয়ে। তাৰেই অপেক্ষাত ৰূপহীহাটবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...