কিমান ভয়াৱহ আছিল খানাপাৰাৰ সেই দুৰ্ঘটনা?

গাৰ নোম শিয়ৰি উঠা দুৰ্ঘটনা ঘটি গল গুৱাহাটীৰ খানাপাৰাত। দীপাৱলীৰ সময়। চৌদিশে পোহৰ। মনবোৰ উৎফুল্লিত। তাৰ মাজতে গুৱাহাটী জোকাৰি যোৱা, ৰাজ্যবাসীক কঁপাই তোলা এটা ঘটনা ঘটি গ’ল খানাপাৰাত। তীব্ৰবেগী এখন ক’লা ৰঙৰ স্কৰপিঅ আহি আছিল খানাপাৰাৰ দিশৰ পৰা। তেনেসময়তে ভঙাগড়ৰ দিশৰ পৰা যোৱা আন এখন স্ক’ৰপিঅই ইউ-টাৰ্ণ লবলৈ ৰৈছিল এখন ফুটব্ৰীজৰ সমীপত। উদ্দেশ্য আছিল পুনৰ জি.এছ ৰোডেৰে ভঙাগড়ৰ দিশে যোৱাৰ। ক’লা স্কৰপিঅখন আছিল ১২০ কিলোমিটাৰতকৈ অধিক বেগত
নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে

প্ৰথমে বগা স্ক’ৰপিঅখনত খুন্দিয়ালে কলা স্ক’ৰপিঅখনে। তাৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই কলা স্ক’ৰপিঅখন উঠি গ’ল ফুটব্ৰীজৰ চিৰিত। কেইবা লুটি খাই পুনৰ জি.এছ ৰোডত পৰি গ’ল বাহনখন। বাহনখনত আছিল দুগৰাকী যুৱতী এজন যুৱক। থিতাতে নিহত দুই যুৱক-যুৱতী। চূড়মাৰ স্ক’ৰপিঅ। গুৱাহাটীত কোচিং কৰি থকা কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত। নিহত যুৱকজনৰ নাম দীপিত দে’। দীপিতৰ ঘৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত। পাৰ্টী কৰি ওলাই আহিছিল তিনিও। হাতত লাগিয়েই আছিল ক্লাবৰ বেণ্ড। দেখাসকলেও একো তলকিবই নোৱাৰিলে। চকুৰ পলকতে সকলো ঘটি গ’ল।

চেণ্ডেল পৰি থাকিল, পৰি থাকিল মৃতদেহ, মুহূৰ্ততে সকলো শেষ। ৫ অক্টোবৰত দীপিতৰ পিতৃয়ে ক্ৰয় কৰিছিল নতুন স্ক’ৰপিঅ। নিশা ক’ৰবাৰ পৰা আহি ঘৰ সোমাইছিল দীপিত। মনে মনে নতুন গাড়ীখন লৈ ওলাই গৈছিল দীপিত। পিতৃ-মাতৃয়ে গমেই পোৱা নাছিল। নতুন গাড়ীখন লৈ নাযাবলৈ বাৰে বাৰে কৈছিল নিৰাপত্তাৰক্ষীয়ে। কিন্তু নুশুনিলে। পৰিণতিত এই ভয়াৱহ দুৰ্ঘটনা। ধৰিবই নোৱাৰিলে বগা স্ক’ৰপিঅখন লৈ ইউ টাৰ্ণ লবলৈ খোজা গৌতম নামৰ যুৱকজনেও।

ঘটনাৰ পাছতে কোকৰাঝাৰৰ কণামিকাৰ ঘৰখনত কান্দোনৰ ৰোল উঠিছে। দীপিতৰ পিতৃ-মাতৃ পৰিয়ালকো কোনেও বুজাব পৰা নাই। পাৰিবইবা কেনেকৈ। অসহনীয় এই ঘটনাৰ পাছত বহুত কথা ভাবিবলগীয়া, বুজিবলগীয়া আছে। বয়স, দ্ৰুতবেগ, মায়াময় নিশা, উৎসৱ, উদযাপন, ফূৰ্তি… এনেকৈ? প্ৰতিজন অভিভাৱকে বুজিব লাগিব। হয়তো বুজিব লাগিব উঠি অহাসকলেও। দুৰ্ঘটনা ঘটি গল দুয়ো গুছি গ’ল। কিন্তু মা-দেউতা, আত্মীয়ৰ, ভৱিষ্যত…

Popular

More like this
Related

অৰুণোদয় ৩.০ আঁচনিৰ বাবে উপাৰ্জনৰ প্রমাণ-পত্ৰ আৱশ্যক নহয়

অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ...

লখিমপুৰত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

৩৭টা বিধান সভা সমষ্টিৰ বাবে নতুন ৰেচন কার্ড বিতৰণৰ...

সম্পত্তিৰ লালসাতে ২কণমানিক হত্যা কৰিলে ককায়েক নীৰজ শৰ্মাই?

প্ৰসংগঃ ওদালগুৰিত ২ শিশুক ডিঙি কাটি হত্যা। সময় বাগৰাৰ...

জলফাইৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

জলফাই অতি পুষ্টিগুণসমৃদ্ধ ফল। আপুনি বাৰু জানেনে ইয়াৰ উপকাৰিতাসমূহ?...