কোনে দখল কৰিব হোৱাইট হাউছ?

কোনে দখল কৰিব হোৱাইট হাউছ? নিৰ্বাচনলৈ মাজত মাথো ৩টা দিন। হোৱাইট হাউছত প্ৰৱেশ কৰিব পাৰিবনে কমলা হেৰিছে? দিন চমু চপাৰ লগে লগে অগ্ৰগতি ট্ৰাম্পৰ। ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। শেষ পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰ। বৃহস্পতিবাৰে লছ ভেগাছত নিৰ্বাচনী প্ৰচাৰ চলালে কমলা হেৰিছে। ভাৰতীয় বংশোদ্ভূত কমলা হেৰিছৰ হৈ প্ৰচাৰ চলালে প্ৰখ্যাত অভিনেত্ৰী গায়িকা জেনিফাৰ লোপেজে।

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰিপাব্লিকান প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পে ভাৰতীয় মূলৰ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণক লৈ সৰৱ হৈছে ট্ৰাম্প। হাছিনাৰ অপসাৰণৰ পিছতে বাংলাদেশত হিন্দুৰ ওপৰত যিদৰে আক্ৰমণ চলিছে সেয়া গৰিহণাৰ যোগ্য। আমেৰিকাত বাস কৰা হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ব দিছে ট্ৰাম্পে। ইফালে কমলা হেৰিছে ভাৰতীয়সকলক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি অপশক্তিৰ ওপৰত শুভশক্তিৰ জয়ৰ কামনা কৰে। প্ৰচাৰত কমলাই অভিযোগ কৰে ট্ৰাম্প ক্ষমতালৈ আহিলে বাৰাক ওবামাই আৰম্ভ কৰা স্বাস্থ্য বীমা আইন বাতিল হ’ব। এনে হ’লে কম আয়ৰ লোকসকল ভয়াৱহ বিপদত কৰিব। কমলা হেৰিছৰ অভিযোগ অৱশ্যে খণ্ডন কৰিছে ট্ৰাম্পে। এনে অভিযোগৰ মাজতে ‘আৰ্লি ভোট’ৰ সুবিধাৰে ৪.৮০কোটি লোকে ভোটদান কৰিছে। প্ৰায় ৫৪% লোকে ৫ নবেম্বৰৰ পূৰ্বে ভোট দিয়াৰ প্ৰতি আগ্ৰহী!

জনমত সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ধাৰণা কৰা হৈছে ডোনাল্ড ট্ৰাম্প আৰু কমলা হেৰিছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। চূড়ান্ত পৰ্য়ায়ত জোৰদাৰ প্ৰচাৰ চলাইছে দুয়োগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে। প্ৰচুৰ ধন ব্যয় কৰিছে ট্ৰাম্প–হেৰিছে। কিন্তু সকলোৰে মাজত এটাই প্ৰশ্ন, কোন ‍বহিব হোৱাইট হাউছৰ মছনদত? সমীক্ষাত আগুৱাই আছে কোন?

নিৰ্বাচনৰ বিভিন্ন সমীক্ষাই চমক দিছে বহুতৰ মনত। কমলা হেৰিছ সামান্য আগুৱাই আছে যদিও শেহতীয়াকৈ ট্ৰাম্পৰ গ্ৰাফ উৰ্ধমুখী হৈছে। আমেৰিকা প্ৰথম আৰু আমেৰিকাক পুনৰ শ্ৰেষ্ঠ কৰি তোলক পুৰণি শ্লোগানেৰে হোৱাইত হাউছ দখল কৰাৰ সপোন দেখিছে ট্ৰাম্পে। অশ্বেতাংগ মহিলা হিচাপে প্ৰথম উপ–ৰাষ্ট্ৰপতি হোৱা কমলাই ইতিহাস গঢ়ি আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাত এতিয়া কিমান দূৰ আগুৱাব সেয়া নিশ্চিত হ’ব ৫ নৱেম্বৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...