কি হৈছে বাংলাদেশত? পুনৰ উত্তপ্ত বাংলাদেশ

পুনৰ উত্তপ্ত বাংলাদেশ। এমাহ ধৰি বিক্ষোভৰ সন্মুখীন হৈ শ্বেখ হাছিনাই দেশ কৰি পলায়ন কৰাৰ পিছত যোৱা আগষ্টত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তী চৰকাৰ গঠন হৈছিল বাংলাদেশত। কিন্তু বিক্ষোভৰ অন্ত নপৰিল দেশখনত। এইবাৰ বিক্ষোভৰ সন্মুখীন হয় মহম্মদ ইউনুছ। সোমবাৰৰ পৰা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বয়সৰ সীমা বৰ্তমানৰ ৩১ৰ পৰা ৩৫ বছৰলৈ বৃদ্ধি কৰাৰ দাবীত ৰাজধানী ঢাকাৰ ৰাজপথত নামিল প্ৰতিবাদকাৰী। পূৰ্বৰ অস্থিৰতা দূৰ হোৱাৰ পূৰ্বে পুনৰ অন্তৱৰ্তী চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হ’ল প্ৰতিবাদ। সোমবাৰে ঢাকাৰ শ্বাহবাগত সমবেত হৈ কেইবাশ প্ৰতিবাদকাৰীয়ে অন্তৱৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছৰ মিণ্ট’ ৰোডত থকা চৰকাৰী বাসভৱন অভিমুখে সমদল উলিয়ায়। অন্তৱৰ্তী চৰকাৰ গঠনৰ হোৱাৰ পিছতে প্ৰধান উপদেষ্টা ইউনুছৰ বাসভৱনৰ সন্মুখত সভা, সমিতি অনুষ্ঠিত কৰাটো নিষিদ্ধ কৰা হৈছিল। সেই নিষেধাজ্ঞা উপেক্ষা কৰি এইবাৰ ইউনুছৰ বাসগৃহ দখল কৰাৰ চেষ্টা চলায় প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ আৰু ৰাবাৰ বুলেট প্ৰয়োগ কৰে। ৰাজধানী ঢাকাৰ লগতে উপকণ্ঠ অঞ্চলটো কেইবাশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অঞ্চলটোৰ দোকান, পোহাৰ লণ্ডভণ্ড কৰাৰ লগতে আৰক্ষীৰ গাড়ীতো আক্ৰমণ চলায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাৰ এজন নিহত হোৱাৰ লগতে আহত হৈছে ৫০ জনৰো অধিক লোক। উল্লেখ্য যে, চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ সীমা বৃদ্ধি কৰাৰ বাবে হাছিনা চৰকাৰৰ আমোলতো প্ৰতিবাদ হৈছিল। পৰৱৰ্তী সময়ত সংৰক্ষণক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ লগতে ই হিংসাত্মক ৰূপ ধাৰণ কৰে। ইপিনে বাংলাদেশৰ লগতে বিদেশতো মহম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...